Advertisment

ভাৰত-পাক মেচৰ পূৰ্বে দেশপ্ৰেমকলৈ প্ৰশ্ন অনুৰাগীৰ ?

১৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব ভাৰত- পাকিস্তানৰ মাজত এছিয়া কাপৰ হাইভল্টেজ মহাৰণ। কিন্তু এছিয়া কাপৰ ভাৰত-পাকিস্তান এই ক্ৰিকেট মেচখনক লৈ সমগ্ৰ দেশতে বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। একাংশই এই খেলখনক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু BCCIক প্ৰশ্ন কৰিছে- এয়া কেনেকুৱা দেশপ্ৰেম?

 FILEPHOTO
FILEPHOTO

ভাৰত-পাক মেচৰ পূৰ্বে অনুৰাগীৰ প্ৰশ্ন- এয়া কেনেকুৱা দেশপ্ৰেম?


১৪ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব ভাৰত- পাকিস্তানৰ মাজত এছিয়া কাপৰ হাইভল্টেজ মহাৰণ। কিন্তু এছিয়া কাপৰ ভাৰত-পাকিস্তান এই ক্ৰিকেট মেচখনক লৈ সমগ্ৰ দেশতে বিতৰ্ক তীব্ৰতৰ হৈ পৰিছে। একাংশই এই খেলখনক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু BCCIক প্ৰশ্ন কৰিছে- এয়া কেনেকুৱা দেশপ্ৰেম?

Advertisment

ভাৰত- পাকিস্তানৰ খেলৰ পূৰ্বে অনুৰাগীৰ মন্তব্য়- শত্ৰুৰ লগত হাত মিলোৱাটো গ্ৰহণযোগ্য নহয়। পাকিস্তানৰ লগত ভাৰতে কোনো সম্পৰ্ক বজাই ৰাখিব নালাগে, সেয়া ক্ৰীড়াই হওক বা ৰাজনীতিয়ে হওক। অনুৰাগীসকলৰ মন্তব্য শীঘ্ৰেই এই মেচখন বাতিল কৰিব লাগে।

অনুৰাগীৰ দাবী-পাকিস্তানৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত আমাৰ বীৰজোৱান শ্বহীদ হৈছে। গতিকে পাকিস্তানৰ সৈতে যিকোনো পৰ্যায়ৰ খেল খেলাটো দেশপ্ৰেমৰ বিৰোধী। বৰ্তমানৰ পৰিস্থিতিত ভাৰতে পাকিস্তানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক বজাই ৰখা উচিত নহয়। ভাৰতৰ প্ৰতি পাকিস্তানৰ মনোভাৱ আৰম্ভণিৰে পৰাই শত্ৰুৰ দৰেই। যেতিয়া শত্ৰুতা ইমান গভীৰ হয়, তেতিয়া ক্ৰিকেটৰ দৰে খেলৰ কোনো অৰ্থ নাই।

উল্লেখ্য যে শেহতীয়াকৈ পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষত প্ৰৱেশ কৰি মানুহক ধৰ্ম সুধি সুধি হত্যা কৰিছিল। এনে পৰিস্থিতিত ভাৰত চৰকাৰে অনতিপলমে ভাৰত-পাকিস্তানৰ এই মেচখন নিষিদ্ধ কৰিব লাগে। দেশৰ প্ৰতিজন নাগৰিকে জোৱানৰ দৰে শত্ৰুৰ লগত যুঁজ দিব লাগে, তেতিয়াহে প্ৰকৃত অৰ্থত শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।

আন এজন অনুৰাগীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে

পাকিস্তানৰ দৰে দেশৰ সৈতে ক্ৰিকেট মেচ খেলাটো শ্বহীদৰ বলিদানক অপমান কৰা। চৰকাৰে অনতিপলমে এই মেচখন বাতিল কৰিব লাগে আৰু পাকিস্তানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ ICCৰ ওচৰত দাবী কৰিব লাগে। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া কৰা দেশখনৰ ক্ৰিকেট খেলাৰ কোনো অধিকাৰ নাই।