Advertisment

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !

‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব নেকি সংখ্যালঘু ৰাজনৈতিক দল? বিহাৰত AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন আজমলৰ। AIMIMৰ সৈতে মিত্ৰতাৰে ‘২৬ৰ নিৰ্বাচন খেলাৰ ইংগিত AIUDFৰ।

 ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !
‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল !

আহি আছে ওৱেছী !

ঘোষণা হ'ল বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। বিহাৰ বিধানসভা নিৰ্বাচনত NDAৰ ধুমুহাত চুড়ান্তৰূপে বিধ্বস্ত হ'ল বিৰোধী। তাৰ মাজতেই বিহাৰ নিৰ্বাচনত  আছাদুদ্দিন ওৱেছী AIMIM দলে ৫টাকৈ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে। বিহাৰ বিধানসভাত আছাদুদ্দিন ওৱেছী AIMIM দলৰ উন্নত প্ৰদৰ্শনৰ পাছতেই ওৱেছীক শুভেচ্ছা বদৰুদ্দিন আজমলৰ। AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন জনাই ওৱেইছিৰ দল AIMIMক অসমলৈ আদৰণি বদৰুদ্দিন আজমলৰ। 

এইবাৰ অসমলৈ আহি আছে AIMIM নেতা আছাদুদ্দিন ওৱেছী! ‘২৬ৰ অসম বিধানসভা নিৰ্বাচনত জৰিয়তে অসমৰ ৰাজনীতিত প্ৰথমবাৰলৈ প্ৰৱেশ কৰিব ওৱেছীয়ে! ওৱেছীৰ আগমনক লৈ আনন্দিত AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল। 

উল্লেখ্য যে বিহাৰ বিধানসভা নিৰ্বাচনত মহাগঠবন্ধনৰ ভোট বিভাজন কৰাৰ অভিযোগ উঠিছে ওৱেছীৰ বিৰুদ্ধে। সেই ওৱেছীক শুভেচ্ছা আৰু ধন্যবাদ জনাই বদৰুদ্দিন আজমল ক'লে- বিহাৰ বিধানসভা নিৰ্বাচনত AIMIM দলক মহাজোঁটত অন্তর্ভুক্ত নকৰাৰ বাবে মহাগঠবন্ধনক শিক্ষা দিলে ওৱেইছিয়ে। AIMIMৰ সৈতে মিত্ৰতা কৰি AIUDF-এ ৰাজ্যত নিৰ্বাচন খেলাৰ ইংগিত দি আজমলৰ মন্তব্য- AIMIM দলে অসমৰ ৰাজনীতিত ভৰি দিলেও বিজেপিৰ সন্মুখত আমি সৱলভাৱে থিয় হ’ব পাৰি পাৰিম। ‘২৬ৰ অসম বিধানসভা নিৰ্বাচনত আমি কংগ্ৰেছতকৈ ভাল ফলাফল প্ৰদৰ্শন কৰিম। 

বিধানসভা নিৰ্বাচনৰ পূৰ্বে দীৰ্ঘদিনৰ পাছত অসমত উপস্থিত বদৰুদ্দিন আজমল। শাৰীৰিক অসুস্থতা স্বত্বেও ‘২৬ৰ অসম বিধানসভা নিৰ্বাচনত আজমলে চলাব নিৰ্বাচনী প্ৰচাৰ। কিন্তু তাৰ মাজতেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- সংখ্যালঘুৰ ভোটবেংকলৈ দৃষ্টি বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছীৰ। অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিবলৈ আহিব নেকি ওৱেইছি- এই বিষয়টো এতিয়া চৰ্চা চলিছে। 

Advertisment
Advertisment