Assamese১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়ত্ৰিপুৰাবাসীৰ বাবে এটা সুখবৰ। ত্ৰিপুৰাৰ ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়। পূৰ্বৰ চৰকাৰে নিযুক্তিৰ বাবে লোৱা সিদ্ধান্তক বৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ। Naba Gogoi Sep 11, 2025 17:49 ISTPhotograph: (INTERNET)শিক্ষিত নিবনুৱাই এটা চাকৰি বিচাৰি হাহাকাৰ কৰিছে। এটা চাকৰি পালেই সকলো সমস্যাৰ পৰা যেন ৰেহাই পাব! যাৰ বাবে দিনে-নিশাই নিবনুৱাই কষ্ট কৰিছে। কিন্তু ইয়াৰ মাজতে ত্ৰিপুৰাবাসীৰ বাবে এটা সুখবৰ।Advertismentত্ৰিপুৰাৰ ১৫ হাজাৰোধিক খালী পদক লৈ চলি থকা গোচৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিশেষ ৰায়।পূৰ্বৰ চৰকাৰে নিযুক্তিৰ বাবে লোৱা সিদ্ধান্তক বৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ। উল্লেখ্য যে ২০১৭ চনত ত্ৰিপুৰাৰ পূৰ্বৰ বাওঁপন্থী চৰকাৰে আৰম্ভ কৰা ১৫,৫০০টা পদৰ বাবে সৃষ্টি হোৱা বিতৰ্কৰ মাজতে নিযুক্তি প্ৰক্ৰিয়াক স্বচ্ছ আৰু সাংবিধানিক বুলি অভিহিত কৰে সৰ্বোচ্চ ন্যায়ালয়ে। বিগত ২৮ আগষ্টত উচ্চতম ন্যায়ালয়ৰ দ্বৈত বিচাৰপীঠে প্ৰদান কৰা এই ৰায়ৰ পিছতে ৰাজ্যখনৰ একাংশ দল-সংগঠনৰ দাবী যে শীঘ্ৰেই খালী পদত চৰকাৰে নিযুক্তি প্ৰদান কৰক। উল্লেখ্য যে বুধবাৰে ত্ৰিপুৰাৰ বাওঁপন্থী সৰ্মথিত দুই যুৱ সংগঠন DYFI আৰু TYF-এ যৌথ সংবাদমেল সম্বোধন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। কিয়নো তেওঁলোকৰ অভিযোগ যে বৰ্তমানৰ বিজেপি চৰকাৰে বাওঁপন্থী চৰকাৰে মুকলি কৰা নিযুক্তি বাতিল কৰি অন্যায় কৰিছিল। বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এনে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ নিবনুৱাক প্ৰতাৰণা কৰাৰো অভিযোগ সংঘঠন কেইটাৰ। DYFIৰ ৰাজ্যিক সম্পাদক নবৰুণ দে, সভাপতি পলাশ ভৌমিক আৰু TYFৰ ৰাজ্যিক সম্পাদকে যৌথভাৱে ৰাজ্য চৰকাৰক দাবী জনাই যে আৰু পলম নকৰাকৈ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি যোগ্য প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰক।ত্ৰিপুৰাৰ পূৰ্বৰ বাওঁপন্থী চৰকাৰে শিক্ষা বিভাগত প্ৰায় ১২ হাজাৰ পদ, গৃহ বিভাগত ৭৮৬টা পদকে ধৰি বিভিন্ন বিভাগৰ ১৫,৫০০টা খালী পদ পূৰণৰ প্ৰক্ৰিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই সময়ত এই নিযুক্তি প্ৰক্ৰিয়া যথেষ্ট উন্নত পৰ্যায়ত আছিল যদিও বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে ‘নতুন নিযুক্তি নীতি’ৰ উদ্ধৃতি দি পূৰ্বৰ সেই বিজ্ঞাপন বাতিল কৰিছিল। যাৰ বাবে চৰকাৰৰ এই সিদ্ধান্তত ক্ষুণ্ণ হৈ কেইবাখনো আবেদন লৈ একাংশ লোক দাৰস্থ হয় উচ্চতম ন্যায়ালয়ত। বহু বছৰ ধৰি আইনী বাধা-বিঘিনিৰ অন্তত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ চৰকাৰে প্ৰকাশ কৰা নিযুক্তি বিজ্ঞাপনত কোনো অনিয়ম হোৱা নাই বা বৈধ বুলি স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ৰায়ৰ জৰিয়তে নিৰ্দেশ প্ৰদান কৰি কয় যে চৰকাৰে ইয়াৰ বৈধতা আৰু সাংবিধানিক বিধানসমূহ মানি চলাটো জৰুৰী। Read the Next Article