Assameseআয়েশা খাতুনৰ খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদবাল্য বিবাহত জড়িত পঞ্চায়ত প্ৰতিনিধি! বাল্য বিবাহত জড়িতৰ অভিযোগত খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ। গোৱালপাৰাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তত এই ঘটনা। সভানেত্ৰী আয়েশা খাতুনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা আয়ুক্তৰ। Mrinmoy Talukdar Dec 13, 2025 13:06 ISTFilephotoআয়েশা খাতুনৰ খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদবাল্য বিবাহত জড়িত পঞ্চায়ত প্ৰতিনিধি! বাল্য বিবাহত জড়িতৰ অভিযোগত খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ। গোৱালপাৰাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তত এই ঘটনা। সভানেত্ৰী আয়েশা খাতুনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা আয়ুক্তৰ। AdvertismentRead More- পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়বাল্য বিবাহত জড়িতৰ অভিযোগত খাৰিজ হ’ল আয়েশা খাতুন নামৰ এগৰাকী মহিলাৰ পঞ্চায়ত সভানেত্ৰীৰ পদ। আয়েশা খাতুনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ। বাল্য বিবাহত জড়িত হোৱাৰ লগতে একাধিক নথি পত্ৰ জালিয়াতি কৰাৰো অভিযোগ আয়েশা খাতুনৰ বিৰুদ্ধে।Read More- নিজক উদঙাই সকলো খিনি দিছিল জুবিনেগোৱালপাৰা জিলাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ তাৰাংগাপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আয়শা খাতুনৰ খাৰিজ হ'ল পঞ্চায়তৰ সদস্যা পদ। বাল্য বিবাহত জড়িত থকাৰ অভিযোগত সভানেত্ৰী গৰাকীৰ সদস্যা পদ খাৰিজ কৰে গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুংয়ে। সদস্যা পদ খাৰিজ হোৱাৰ লগে লগে সভানেত্ৰীৰ পদো খাৰিজ হয় আয়েশা খাতুনৰ।Read More- হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?উল্লেখ্য যে জলেশ্বৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ নিৰ্দেশত যোৱা ৯ ডিচেম্বৰত গোৱালপাৰা জিলা আয়ুক্তই খাৰিজ কৰে সভানেত্ৰী আয়েশা খাতুনৰ সদস্যা পদ। উল্লেখযোগ্য যে যোৱা পঞ্চায়ত নিৰ্বাচনত একাধিক নথি পত্ৰ জালিয়াতি কৰি তাৰাংগাপুৰ গাওঁ পঞ্চায়তৰ ৫নং সৰ্দাৰভিটা তাৰাংগাপুৰ ৱাৰ্ডৰ সদস্যা নিৰ্বাচিত হৈছিল আয়েশা খাতুনে। এই নথি পত্ৰ জালিয়াতি কাণ্ডৰ সৈতে এতিয়া নাম সাঙোৰ খাইছে তাৰাংগাপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক হাৰেজ উদ্দিন আহমেদ আৰু ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ দুই নম্বৰী কাজী মন্তাজ আলীৰ নাম। দুয়ো গৰাকী ব্যক্তিয়ে আয়শা খাতুনক জালিয়াতিৰে নথি পত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী কঠোৰ নিৰ্দেশনাৰ পিছতো প্ৰধান শিক্ষক হাৰেজ উদ্দিন আহমেদ আৰু ফকিৰগঞ্জৰ দুই নম্বৰী কাজী মন্তাজ আলী জড়িত হৈছিল বাল্য বিবাহত। প্ৰধান শিক্ষক হাৰেজ উদ্দিন আহমেদ আৰু দুই নম্বৰী কাজী মন্তাজ আলীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। আনহাতে গোৱালপাৰা জিলা আয়ুক্তৰ এই পদক্ষেপক আদৰণি জনাইছে তাৰাংগাপুৰৰ ৰাইজ ।AdvertismentAdvertisment Read the Next Article