Advertisment

হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?

সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকিব! দীপৰ বিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনকাৰী গছবোৰ এফালৰ পৰা কাটি পেলোৱাৰ আছে সম্ভাৱনা।

 হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য? Photograph: (DY365)
হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য? Photograph: (DY365)

হেৰাই যাব নেকি দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য?


নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ

সংকটৰ গৰাহত পৰা মহানগৰীৰ কাষৰীয়া মনোৰম দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য এতিয়া আৰু নাথাকিব! দীপৰ বিলত বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে নিৰ্মাণ হ’ব এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰ নিৰ্মাণৰ নামত সৌন্দৰ্য বৰ্ধনকাৰী গছবোৰ এফালৰ পৰা কাটি পেলোৱাৰ আছে সম্ভাৱনা।

Advertisment

প্ৰকৃতিপ্ৰেমীৰ বাবে সুখবৰৰ সমান্তৰালভাৱে এক যেন দুঃখবৰো। নোহোৱা হৈ পৰিব দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য! কিন্তু মৃত্যু তথা আঘাতৰ পৰা ৰক্ষা পৰিব বহু বন্যপ্ৰাণী। 

প্ৰতিদিনে দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে বহু লোক। দীপৰ বিলৰ সৌন্দৰ্য বহন কৰি আহিছে কাষতে থকা গছবোৰে। কিন্তু দুখৰ কথা অতি কম দিনৰ ভিতৰতে দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য শেষ হৈ যাব পাৰে। কাৰণ বিলৰ কাষত থকা গছবোৰ কাটি পেলাব পাৰে ৰে’ল বিভাগে। ইতিমধ্যে গছবোৰত ছীল-মোহৰ মাৰিছে বন বিভাগে। শতাধিক গছ নোহোৱা হোৱাৰ সম্ভাৱনা আছে সেই অঞ্চলৰ পৰা। এতিয়াৰ মনোমোহা পৰিৱেশ যেন অতীত হ’ব পাৰে। পথৰ কাষত থকা গছবোৰ কাটি ৰে’ল বিভাগে নিৰ্মাণ কৰিব প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতু অৰ্থাৎ এলিভেটেড কৰিডৰ।

বিলৰ কাষেৰে গৈছে কামাখ্যা-যোগীঘোপা ৰে’ল পথটো। বনৰীয়া হাতী দীপৰ বিললৈ পানী আৰু খাদ্যৰ সন্ধানত অহা-যোৱা কৰা পথ বন্ধ কৰি নিৰ্মাণ কৰিছিল ৰে’ল পথটো। যাৰ ফলত প্ৰায়ে ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হৈছিল। ২০০৪ চনৰ পৰা বৰ্তমানলৈ ১৫ টা বন্যহস্তী, শতাধিক চৰাই, বান্দৰ, সাপৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে এই ৰে’লপথত। 

এই সন্দৰ্ভত দীপৰ বিল সংৰক্ষণ সমিতিয়ে বন্যপ্ৰাণীৰ মৃত্যু ৰোধ কৰাৰ বাবে ৰে’ল বিভাগৰ সৈতে বহু আলোচনা কৰি আহিছিল। আনকি কেইবাবাৰো প্ৰতিবাদ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিত দীৰ্ঘ সময়ৰ পিছত ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অতি শীঘ্ৰে এই ৰে’ল পথটো বন্ধ কৰি ২১ ফুট উচ্চতাৰ প্ৰায় ৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল চলাচল কৰা এখন উৰণীয়া সেতু নিৰ্মাণ কৰিব। কেৱল ৰে’ল বিভাগেই নহয় সমগ্ৰ পথ পৰৱৰ্তী সময়ত ওপৰেৰে পাৰ হৈ যাব। আৰু তলেৰে হাতীকে ধৰি বন্যপ্ৰাণী সমূহ দীপৰ বিললৈ আহি পানীকে ধৰি আন খাদ্য সমূহ খাব পাৰিব। যাৰ বাবে এই পথত থকা শতাধিক গছ কাটি পেলাব পাৰে। সেয়ে প্ৰকৃতিপ্ৰেমীৰ বাবে এফালে ভাল লগা কথাটো হ’ল হাতী বিললৈ অহা-যোৱা কৰা পথটো মুকলি হ’ব, আনফালে দুখৰ কথাটো হ’ল বিলৰ সৌন্দৰ্য বহন কৰি থকা গছবোৰ কাটি পেলোৱাৰ সম্ভাৱানাই অধিক।

বিভাগলৈ ৰাইজৰ অনুৰোধ পাৰিলে গছবোৰ নকটাকৈ সেতু নিৰ্মাণ কৰক। এতিয়া ৰে’লৱে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাব। 

Advertisment
Advertisment