Advertisment

হিন্দু থাকিলেহে পৃথিৱীৰ অস্তিত্ব থাকিব -মোহন ভাগৱত

"হিন্দু নাথাকিলে নাথাকিব পৃথিৱীৰ অস্তিত্ব..."।  " ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰো বিৰোধী নহয়"। সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে RSS। মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ বক্তব্য

 Filephoto
Filephoto

হিন্দু থাকিলেহে পৃথিৱীৰ অস্তিত্ব থাকিব -মোহন ভাগৱত


"হিন্দু নাথাকিলে নাথাকিব পৃথিৱীৰ অস্তিত্ব..."।  " ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰো বিৰোধী নহয়"। সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে RSS। মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ বক্তব্য

Advertisment

তিনিদিনীয়া ভ্ৰমণসূচীৰে মণিপুৰলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত। ৰাজধানী ইম্ফলত জনজাতীয় নেতাসকলৰ সৈতে মত বিনিময় কৰে  RSSৰ মুৰব্বী গৰাকীয়ে। এক সমাৱেশত ভাষণ দি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে বিশ্বত হিন্দুৰ অস্তিত্বৰ কথা কয়। মোহন ভাগৱত কয়, হিন্দু নাথাকিলে পৃথিৱীৰ অস্তিত্ব নাথাকিব। তেওঁ কয় যে সময়ে সময়ে হিন্দু সমাজে ধৰ্মক পালন কৰি বিশ্বক দিশ দিব। হিন্দুত্বৰ বিৰোধীক আক্ৰমণ কৰি ভাগৱতে কয় যে কোনেও হিন্দুক নিৰ্মূল কৰিব নোৱাৰে। তেওঁ জোৰ দি কয় যে প্ৰতিখন দেশেই বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, কিন্তু ভাৰত একেই আছে। তেওঁ কয় যে হিন্দু সমাজৰ এটা শক্তিশালী নেটৱৰ্ক আছে, যাৰ বাবে হিন্দু সমাজ সদায় থাকিব। ধৰ্ম পালন কৰি বিশ্বক দিশ দেখুৱাই থকাটো হিন্দু সমাজৰ কৰ্তব্য।

ভাগৱতে লগতে কয়, "হিন্দু সমাজ অমৰ। ভাৰতে গ্ৰীচ, ইজিপ্ত, ৰোমৰ দৰে সাম্ৰাজ্যক অতিক্ৰম কৰিছে। পৃথিৱীৰ প্ৰতিখন দেশেই সকলো ধৰণৰ পৰিস্থিতি দেখিছে। গ্ৰীচ, ইজিপ্ত, আৰু ৰোম—সকলো সভ্যতা পৃথিৱীৰ পৰা নোহোৱা হৈ গ'ল। আমাৰ সভ্যতাত এনেকুৱা কিবা এটা আছে যিয়ে আমাক আজি ইয়াত ৰাখিছে।" জনগোষ্ঠীয় সংঘাতৰ পিছত প্ৰথমবাৰৰ বাবে মণিপুৰ ভ্ৰমণৰ সময়ত আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে হিন্দু সমাজক ধৰ্মৰ বিশ্ব ৰক্ষক বুলি অভিহিত কৰে।

Advertisment
Advertisment