Advertisment

ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান?

এখন নিৰ্জন ঠাই। ঠাইখনৰ আশে-পাশে নাই কোনো মানুহৰ সমাগম, নাই গছ-গছনিও! শাৰী শাৰীকৈ মাইলৰ পিছত মাইল ধৰি কেৱল কবৰ আৰু কবৰ। যাৰ তলত লাখ লাখ মৃতদেহ পৰি আছে।

 ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান? Photograph: (DY365)
ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান? Photograph: (DY365)

ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান?

মৃত্যু এক চিৰন্তন সত্য। জন্ম হ'লে মৃত্যু অনিবাৰ্য। কাৰোবাৰ বাবে জীৱনৰ বাট দীঘলীয়া আকৌ কাৰোবাৰ বাবে জীৱনৰ বাট তেনেই ছুটি। কাৰ কেতিয়া মৃত্যু হয় কোনেও ক'ব নোৱাৰে। 

Advertisment

দৈনিক বিশ্বত লাখ লাখ লোকৰ মৃত্যু হয়। মানুহৰ মৃত্যুৰ পিছত ধৰ্মীয় ৰীতি-নীতি অনুসৰি শেষকৃত্য সম্পন্ন কৰা হয়। হিন্দু ধৰ্মত যেনেকৈ মৃতদেহ দাহ কৰা হয়, ঠিক তেনেদৰে খ্ৰীষ্টান, ইছলাম ধৰ্মত মৃতদেহ কবৰ দিয়া হয়। ইছলাম ধৰ্মত কাৰোবাৰ মৃত্যু হ'লে কবৰ দিয়াৰ প্ৰথা আছে।

Also Raed: ধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃ

পিছে আপুনি জানেনে, বিশ্বৰ ডাঙৰ কবৰস্থানখন ক'ত আছে? যিখন কবৰস্থানত লাখ লাখ লোকক কবৰ দিয়া হৈছে। য'ত ৬০ লাখৰো অধিক মৃতদেহ কবৰ দিয়া হৈছে। আজি আমি ক'বলৈ লৈছো বিশ্বৰ সৰ্ববৃহৎ কবৰস্থান ৱাডি আল-ছালামৰ কথা। 

এখন নিৰ্জন ঠাই। ঠাইখনৰ আশে-পাশে নাই কোনো মানুহৰ সমাগম, নাই গছ-গছনিও! শাৰী শাৰীকৈ মাইলৰ পিছত মাইল ধৰি কেৱল কবৰ আৰু কবৰ। যাৰ তলত লাখ লাখ মৃতদেহ পৰি আছে। 

Also Read: আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বিশ্বৰ ডাঙৰ কবৰস্থানখন আছে ইৰাকৰ পৱিত্ৰ চহৰ নাজাফত।  এই কবৰস্থানখনৰ নাম দিয়া হৈছে ৱাডি-আল-ছালাম কবৰস্থান। এই কবৰস্থানখনত ৬০ লাখৰো অধিক লোকক কবৰ দিয়া হৈছে। ৱাডি-আল-ছালামক শান্তিৰ উপত্যকা বুলিও জনা যায়। ইউনেস্ক’ৰ মতে এই কবৰস্থান বহু নবী, বিজ্ঞানী, ৰাজপৰিয়ালৰ সদস্যৰ চূড়ান্ত বিশ্ৰাম স্থান।

নাফাজ চহৰৰ পৰা সুদূৰ উত্তৰ-পশ্চিম দিশলৈকে এই কবৰস্থানখন বিস্তৃত। ৱাডি আল-ছালামে চহৰখনৰ প্ৰায় ১৩ শতাংশ অঞ্চল সামৰি আছে। দিনক দিনে এই কবৰস্থানখনৰ সম্প্ৰসাৰণ ঘটি আহিছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ ২০২১ চনৰ এক প্ৰতিবেদন অনুসৰি ৱাডি আল-ছালামে স্বাভাৱিক হাৰতকৈ দুগুণ হাৰত সম্প্ৰসাৰণ ঘটিছে। 

ৱাডি আল-ছালাম কবৰস্থানৰ ড্ৰ’ন ফটো যদি আপুনি চাই তেনেহ'লে সহজতেই এখন চহৰ বুলি ভাবিবলৈ বাধ্য হ'ব। কিয়নো ওপৰৰ পৰা কবৰবোৰ সৰু সৰু ঘৰৰ দৰে দেখা যায়। ইউনেস্ক’ৰ তথ্য অনুসৰি ৱাডি আল-ছালামৰ এলেকা ২৫০০ একৰৰ ওচৰাওচৰি।

ৱাডি-আল-ছালাম কবৰস্থানত কবৰ দিয়াসকলৰ ভিতৰত আল-হিৰাৰ ৰজা আৰু আল-ছাছানিয়ান যুগৰ চুলতান আৰু নেতাসকলো আছে। হামদানিদ, ফাতিমিদ, আল-বুয়িদ, ছাফাৱী, কাজাৰ আৰু জালাইৰিয়া বংশৰ ৰাজকুমাৰৰ সমাধিও থকাৰ তথ্য। ৱাডি আল-ছালামৰ বেছিভাগ কবৰৰ আকাৰ আৰু উচ্চতা একে নহয়। বিখ্যাত লোকৰ কবৰ সাধাৰণতে ওখ হয়।  হজৰত মহম্মদৰ জোঁৱাই আলী ইবনে আবি তালিবকে ধৰি কেইবাজনো বিখ্যাত ব্যক্তিৰ কবৰো ইয়াত অৱস্থিত। আলীৰ কবৰৰ চাৰিওফালে নিৰ্মাণ কৰা হৈছিল চহৰখন।

Also Read: বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই

আন্তৰাষ্ট্ৰীয় সংবাদ সংস্থা আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ৱাডি আল-ছালাম সমগ্ৰ বিশ্বৰ ছিয়া মুছলমানসকলৰ বাবে এক গুৰুত্বপূৰ্ণ কবৰস্থান। প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ লোকক তাত কবৰ দিয়া হয়। বিশ্বজুৰি ছিয়া মুছলমানসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ কবৰস্থান। সংবাদ সংস্থা এ এফ পিৰ এক প্ৰতিবেদন অনুসৰি ৱাডি আল-ছালামত কবৰ খান্দিবলৈ প্ৰায় ৮,৫০০ টাকা খৰচ হয়। এটা সমাধি শিলৰ দাম প্ৰায় ১৫-১৬ হাজাৰ টকা।

এই কবৰস্থান চাবলৈ সমগ্ৰ বিশ্বৰ পৰা মুছলমান লোক আহে। ইউনেস্ক’ৰ মতে ৱাডি আল-ছালামৰ কাল মধ্যযুগৰ আগৰ পৰাই।

Advertisment
Advertisment