Assameseআজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথকৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য গ্ৰহণ কৰে। এই ব্ৰত অত্যন্ত কঠিন। সূৰ্য উদয়ৰ পৰা ৰাতি চন্দ্ৰ ওলোৱালৈকে কোনো আহাৰ আৰু পানী গ্ৰহণ নকৰাকৈ এই ব্ৰত পালন কৰা হয়।Anindita Kataki Oct 10, 2025 15:07 ISTস্বামীৰ মংগল আৰু দীৰ্ঘায়ু কামনাৰে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে আজি পালন কৰিছে কৰৱা চৌথ Photograph: (file photo)আজি সমগ্ৰ দেশজুৰি হিন্দু সধৱা মহিলাসকলে পালন কৰিব কৰৱা চৌথ। এই বছৰ ১০ অক্টোবৰ কৰৱা চৌথৰ ব্ৰত পালন কৰা হৈছে বিবাহিত মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু কামনাৰে কৰৱা চৌথৰ ব্ৰত পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থ তিথিত এই ব্ৰত পালন কৰা হয়।Advertismentকৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য গ্ৰহণ কৰে। এই ব্ৰত অত্যন্ত কঠিন। সূৰ্য উদয়ৰ পৰা ৰাতি চন্দ্ৰ ওলোৱালৈকে কোনো আহাৰ আৰু পানী গ্ৰহণ নকৰাকৈ এই ব্ৰত পালন কৰা হয়। এইবাৰ কৰৱা চৌথ ৯ অক্টোবৰৰ নিশা ১০:৫৪ বজাৰ পৰা আৰম্ভ হৈ চতুৰ্থী তিথি ১০ অক্টোবৰৰ নিশা ৭:৩৮ বজাত শেষ হ’ব। পুৱা ৬:১৯ বজাৰ পৰা নিশা ৮:১৩ বজালৈ কৰৱা চৌথৰ ব্ৰত ৰখাৰ শুভ সময় বুলি ধৰা হৈছে। এই সময়খিনিত ব্ৰতত থকা মহিলাসকলে কৰ্ব চৌথ দেৱী,পাৰ্বতী দেৱী, গণেশ পূজাৰ লগতে বিভিন্ন মন্ত্ৰ শুনিলে সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়।কৰ্ব চৌথৰ দিনা ভগৱান গণেশ, দেৱী পাৰ্বতী, ভগৱান শিৱ আৰু চন্দ্ৰ দেৱতাক পূজা কৰা হয়। কৰৱা চৌথত চন্দ্ৰক কিয় পূজা কৰা হয়?চন্দ্ৰ হৈছে দীৰ্ঘায়ু, সুখ আৰু মানসিক শান্তিৰ প্ৰতীক। চন্দ্ৰৰ আশীৰ্বাদ থাকিলে বৈবাহিক সম্বন্ধত সুখ-শান্তি, ভাৰসাম্যৰ লগতে মধুৰতা আনে বুলি বিশ্বাস কৰা হয়। বিশেষকৈ কৰৱা চৌথত বিবাহিত মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু আৰু সুখী বৈবাহিক জীৱনৰ বাবে প্ৰাৰ্থনা কৰিবলৈ চন্দ্ৰক পূজা কৰে। কৰৱা চৌথত ব্ৰতত থাকিলে পানীয়ো সেৱন নকৰে ব্ৰতত থকা মহিলাসকলে। Read the Next Article