Advertisment

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য?

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য? পাকিস্তানৰ কোন কোন ঠাইলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ? SIT-এ মুখ্যমন্ত্ৰীক দাখিল কৰা ৪২৪ পৃষ্ঠাজোৰা প্ৰতিবেদনত আৰু কি কি বিস্ফোৰক তথ্য?

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য? বুধবাৰে SIT-এ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত দাখিল কৰিছে ৪২৪ পৃষ্ঠাজোৰা তদন্ত প্ৰতিবেদন। প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই গৌৰৱ গগৈ, পত্নী এলিজাবেথ পাকিস্তান ভ্ৰমণৰ বহু তথ্য আছে বুলি জানিব পৰা গৈছে। 
পাকিস্তানলৈ গৈ কাক কাক সাক্ষাৎ কৰিছিল সেই কথাও উল্লেখ আছে  ৪২৪ পৃষ্ঠাজোৰা প্ৰতিবেদনত। বিবাহৰ পূৰ্বে ২০১৩ত গৌৰৱ গগৈ, পত্নী এলিজাবেথ দুবাৰকৈ গৈছিল পাকিস্তান ভ্ৰমণৰ কথাও উল্লেখ আছে প্ৰতিবেদনত। পাকিস্তানৰ কোন কোন ঠাইলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ? এই সকলো তথ্য সন্নিবিষ্ট আছে SIT-এ মুখ্যমন্ত্ৰীক দাখিল কৰা তদন্ত প্ৰতিবেদনত। SIT-এ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ফেচবুক পোষ্ট কৰিছে। 

Advertisment

মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টটো তলত উল্লেখ কৰা হৈছে

২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকীৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে।
এই বিস্তৃত তদন্তৰ সময়ত এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে।
এছ আই টিয়ে আলী তৌকীৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে।
তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰ্যালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে।
অসম চৰকাৰে এতিয়া এছ আই টিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব। বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব।