Advertisment

ভাৰতৰ সৈতে কি সম্পৰ্ক নেপালৰ অন্তৰ্ৱতীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ?

নেপালৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কী। ভ্ৰষ্টাচাৰ, দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই সুশীলা কাৰ্কীক এই দায়িত্ব অৰ্পণ৷ ভাৰতৰ সৈতে কি সম্পৰ্ক নেপালৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা সুশীলা কাৰ্কীৰ?

 ভাৰতৰ সৈতে কি সম্পৰ্ক নেপালৰ অন্তৰ্ৱতীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ?

ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে নৱপ্ৰজন্মৰ বিদ্ৰোহৰ ফিৰিঙতিয়ে জ্বালামুখীৰ ৰূপ ধাৰণ কৰাত তচনচ হৈ পৰিছিল নেপালৰ কে পি শৰ্মা অলি চৰকাৰ৷ যাৰ ফলত ১২ ছেপ্টেম্বৰত নেপালত অন্তৰ্ৱতীকালীন চৰকাৰ গঠন হয়৷ এই অন্তৰ্ৱতীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে ন্যায়াধীশ সুশীলা কাৰ্কীয়ে৷ নেপালৰ লগতে বিশ্বৰ সকলোতে এতিয়া সুশীলা কাৰ্কীৰ চৰ্চা৷ 

Advertisment

Gen-zৰ বিদ্ৰোহৰ পিছত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগৰ পিছতে নেপালৰ যুৱ প্ৰজন্মই সুশীলা কাৰ্কীক অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ নেতৃত্ব দিবলৈ নিৰ্বাচিত কৰে৷ তেওঁৰ সততা-নিষ্ঠা লগতে অন্যায়-অনিয়ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতি বিৰোধী স্থিতিৰ বাবেই এই দায়িত্ব তেওঁৰ ওপৰত অৰ্পণ কৰে৷ যাৰ ফলত সুশীলা কাৰ্কী নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়৷

কোন এইগৰাকী সুশীলা কাৰ্কী?


১৯৫২ চনৰ ৭ জুনত নেপালৰ বিৰাটনগৰত জন্মগ্ৰহণ কৰে সুশীলা কাৰ্কীয়ে৷ সাতগৰাকী ভাই-ভনীৰ ভিতৰত প্ৰথম সন্তান আছিল কাৰ্কী৷ সুশীলাৰ প্ৰাথমিক শিক্ষা বিৰাটনগৰতে আৰম্ভ হৈছিল। ১৯৭২ চনত বিৰাটনগৰৰ মহেন্দ্ৰ মৰং মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে৷

১৯৭৫ চনত ভাৰতৰ বাৰাণসীৰ বাণাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সুশীলা কাৰ্কীয়ে৷

আৰু ১৯৭৮ চনত নেপালৰ ত্ৰিভূৱন বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷  

নেপালৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল সুশীলা কাৰ্কী। ২০০৯ চনত নেপালৰ উচ্চতম ন্যায়ালয়ৰ তদৰ্থ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে৷ তাৰ পিছত ২০১০ চনত স্থায়ী ন্যায়াধীশ হয়৷

২০১৬ চনৰ এপ্ৰিলত কিছুদিন ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত জুলাইত আনুষ্ঠানিকভাৱে নেপালৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ লয়৷ ২০০৬ চনত নেপালৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সুশীলাই৷ সংবিধান খচৰা সমিতিৰ সদস্যও আছিল কাৰ্কী৷ 

২০১৬ চনত নেপালৰ উচ্চতম ন্যায়ালয়ৰ মুৰব্বী হৈ দেশৰ ন্যায়িক ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰে৷ চৰকাৰৰ বিৰুদ্ধে বহু গোচৰৰ গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী ৰায় দিছিল সুশীলা কাৰ্কীয়ে৷ তেওঁ কেতিয়াবা ৰায়ৰ জৰিয়তে চৰকাৰৰ বহু কার্যক সমালোচনা কৰিছিল আৰু কেতিয়াবা চৰকাৰক বিপদত পেলাইছিল৷ নেপালৰ এগৰাকী নিৰ্ভীক ন্যায়াধীশ হিচাপে পৰিচিত হৈছিল সুশীলা কাৰ্কী৷ ১৯৮৫ চনত ধৰণস্থিত মহেন্দ্ৰ মাল্টিপল কেম্পাছত সহকাৰী শিক্ষয়িত্ৰী হিচাপেও কিছুদিন কাম কৰিছিল কাৰ্কীয়ে।

বানাৰস হিন্দু বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়ন কৰি থকা সময়ত নেপালৰ নেতা দুৰ্গা প্ৰসাদ সুবেদীৰ লগত চিনাকি হয় কাৰ্কীৰ। তাৰ পিছৰে পৰা দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠে। সুবেদী নেপালী কংগ্ৰেছৰ এজন যুৱ নেতা আছিল। পৰৱৰ্তী সময়ত দুয়ো বিবাহপাশত আবদ্ধ হয়।