Advertisment

প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, ৰবিন উথাপ্পালৈ EDৰ চমন

প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবিন উথাপ্পালৈ চমন EDৰ। কোটি কোটি টকাৰ প্ৰতাৰণা, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ বাবে দুই ক্ৰিকেটাৰক চমন জাৰি কৰিছে EDয়ে। অনলাইন বেটিং এপ ‘1xBet’ৰ সৈতে জড়িত হোৱাৰ অভিযোগত শীঘ্ৰেই EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব দুই ক্ৰিকেটাৰ। 

 FILEPHOTO
FILEPHOTO

প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, ৰবিন উথাপ্পালৈ EDৰ চমন

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবিন উথাপ্পালৈ চমন তদন্তকাৰী সংস্থা EDৰ। কোটি কোটি টকাৰ প্ৰতাৰণা, বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ বাবে দুই ক্ৰিকেটাৰক চমন জাৰি কৰিছে EDয়ে। অনলাইন বেটিং এপ ‘1xBet’ৰ সৈতে জড়িত হোৱাৰ অভিযোগত শীঘ্ৰেই EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব দুই ক্ৰিকেটাৰ। 

Advertisment

প্ৰতিবেদন অনুসৰি, ‘1xBet’ নামৰ প্লেটফৰ্মত যোগদানৰ গোচৰৰ সৈতে জড়িত উথাপ্পা আৰু যুৱৰাজ সিঙক অহা সপ্তাহত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ কোৱা হৈছে। উথাপ্পাক ২২ ছেপ্টেম্বৰত আৰু যুৱৰাজ সিঙক ২৩ ছেপ্টেম্বৰত EDৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। এই দুই প্ৰাক্তন ক্ৰিকেটাৰৰ উপৰিও একেটা গোচৰতে বিখ্যাত চলচ্চিত্ৰ অভিনেতা ছনু ছুদলৈও চমন জাৰি কৰা হৈছে। EDয়ে ছনু ছুদক ২৪ ছেপ্টেম্বৰত তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ নিৰ্দেশ দিছে।

EDৰ তদন্তৰ সৈতে কেৱল খেলুৱৈ আৰু অভিনেতাসকলেই নহয় বহু ৰাজনীতিবিদ জড়িত হৈ আছে৷ সোমবাৰে একেই গোচৰত TMCৰ প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীৰ বক্তব্যও লিপিবদ্ধ কৰা হৈছে। প্ৰতিবেদন অনুসৰি অভিনেত্ৰী উৰ্বশী ৰাউটেলাকো EDৰ কাৰ্যালয়ত উপস্থিত হবলৈ নিৰ্দেশ দিছিল যদিও অভিনেত্ৰীগৰাকীয়ে এইপৰ্যন্ত EDৰ কাৰ্যালয়ত উপস্থিত হোৱা নাই। আনহাতে কেইদিনমান পূৰ্বে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানকো চমন জাৰি কৰিছিল EDয়ে। 

উল্লেখ্য যে এই এপটোৰ জৰিয়তে বহু বিনিয়োগকাৰী আৰু সাধাৰণ লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ লগতে বৃহৎ পৰিসৰত কৰ ফাঁকিও কৰা হৈছিল। আনহাতে, কোম্পানীটোৱে দাবী কৰিছে যে 1xBet হৈছে পণ উদ্যোগত ১৮ বছৰৰ অভিজ্ঞতা থকা এক বিশ্বব্যাপী প্লেটফৰ্ম। কোম্পানীটোৰ মতে, তেওঁলোকৰ প্লেটফৰ্মৰ সৈতে জড়িত ব্যৱহাৰকাৰীসকলে হাজাৰ হাজাৰ ক্ৰীড়া অনুষ্ঠানত ধন ঘটাৰ সুবিধা লাভ কৰে। লগতে তেওঁলোকৰ ৱেবছাইট আৰু মোবাইল এপ ৭০টাতকৈও অধিক ভাষাত উপলব্ধ।