Assameseন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীনন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীন। বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীনক লৈ চাঞ্চল্যৰ সৃষ্টি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱত। ২৪ ঘণ্টাৰ ভিতৰত দেশৰ সীমা পাৰ হৈ যাবলৈ জিলা আয়ুক্তই কালি অৰ্থাৎ বুধবাৰে নিৰ্দেশনা জাৰি কৰিছিল।Jyotiprasad Sarma Nov 20, 2025 18:14 ISTন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীন Photograph: (DY365)ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীনন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীন। বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীনক লৈ চাঞ্চল্যৰ সৃষ্টি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱত। AdvertismentAlso Read: হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰখবৰ অনুসৰি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱৰ পাঁচগৰাকী মহিলাক বিদেশী বুলি চিনাক্ত কৰিছিল বিদেশী ন্যায়াধিকৰণে। ২৪ ঘণ্টাৰ ভিতৰত দেশৰ সীমা পাৰ হৈ যাবলৈ জিলা আয়ুক্তই কালি অৰ্থাৎ বুধবাৰে নিৰ্দেশনা জাৰি কৰিছিল। Also Read:দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰশোণিতপুৰৰ ধোৱাকটাগাঁৱৰ বিদেশী বুলি ঘোষণা কৰা ৫গৰাকী মহিলাৰ সন্ধান নাই এইপৰ্যন্ত। মহিলাকেইগৰাকীৰ সন্ধানত ধোৱাকটা গাঁৱত উপস্থিত হয় জামুগুৰিহাট আৰক্ষী। গাঁওখনত আৰক্ষীয়ে মহিলাকেইগৰাকীৰ সন্ধানত অভিযান চলাই নাপালে কোনো সম্ভেদ। গাঁৱত গৈ আৰক্ষীয়ে মহিলাকেইগৰাকীক বিচাৰি নোপোৱাত গাঁওবাসীক পাঁচগৰাকী মহিলাৰ সন্দৰ্ভত সোধা-পোছা কৰে। গাঁওবাসীৰ মতে বহু বছৰ পূৰ্বে গাঁও ত্যাগ কৰিছিল মহিলাকেইগৰাকীয়ে। ধোৱাকটা গাঁৱৰ পৰা তেওঁলোক ক'লৈ গ'ল সেই বিষয়ে স্থানীয় ৰাইজ অৱগত নহয় বুলি জানিবলৈ দিয়ে আৰক্ষীক। বিদেশী বুলি চিনাক্ত কৰা মহিলাকেইগৰাকীৰ বৰ্তমানৰ ঠিকনা নাজানে কোনো গাঁওবাসীয়ে। যাৰ ফলত বিদেশীৰূপে চিনাক্ত হোৱা মহিলাকেইগৰাকীৰ বিতাড়নক লৈ সৃষ্টি হৈছে জটিলতাৰ। Also Read: প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচীবিদেশী বুলি ঘোষণা হোৱা মহিলাকেইগৰাকী ক্ৰমে মহম্মদ আমজাদ আলীৰ পত্নী ফাতেমা, মহম্মদ হাচমত আলীৰ পত্নী মনোৱাৰা, মহম্মদ আলীজুল হকৰ পত্নী হানুফা, মহম্মদ আমজাদ আলীৰ পত্নী মৰিয়ম নেচা আৰু মহম্মদ মাতবৰ আলীৰ পত্নী আমজাদ আলী।AdvertismentAdvertisment Read the Next Article