Advertisment

হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ

ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে! লাকী নম্বৰ (433881), ১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন। হাউলী ৰাসত ভাগ্য উদয় হ'ল বৰপেটাৰ প্ৰীতম দাসৰ।

 হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ

ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে!

১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন।

গুৱাহাটী, ২০ নৱেম্বৰঃ হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ আধ্যাত্মিক তথা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যে আয়োজিত বৰঙণি-পত্ৰৰ খেলখনত বৰপেটা চহৰৰ প্ৰীতম দাস নামৰ এজন যুৱকে লাভ কৰে এখন টয়'টা ফৰচুনাৰ বাহন অৰ্থাৎ দ্বিতীয় পুৰস্কাৰ। উপহাৰ কুপন খেলখনৰ 433881 নম্বৰ কুপনৰ গ্ৰাহক প্ৰীতম দাসে দ্বিতীয় পুৰস্কাৰ হিচাপে বিলাসী টয়'টা ফৰচুনাৰ বাহনখন লাভ কৰিবলৈ সক্ষম হয়। হাউলী ৰাসৰ বৰঙণি কুপনৰ ১০০ টকীয়া ৫টা কুপন ক্ৰয় কৰিছিল যুৱকজনে। এই ৫টা কুপনৰে এটা কুপনত লাভ কৰে আনুমানিক ৪০ লাখ টকা মূল্যৰ টয়'টা ফৰচুনাৰ বাহনখন। এই পুৰস্কাৰ লাভৰ খবৰে প্ৰীতম দাসৰ লগতে দুখীয়া পৰিয়ালটোলৈ সুখ আৰু আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে। 

Advertisment

also read: কয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী

উল্লেখ্য যে মাতৃ নিৰ্মালী দাসৰ সৈতে প্ৰীতম আৰু প্ৰীতমৰ ভাতৃয়ে ঘৰতে প্ৰস্তুত কৰা পিঠা-পনা, লাড়ু, চিৰা, মুৰি আদি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছে। আৰ্থিক দুৰৱস্থাৰ বাবে বিহুৰ সময়ত চাহিদা অনুসৰি পিঠা পনা প্ৰস্তুতৰ ক্ষেত্ৰত ধনৰ নাটনি হয় পৰিয়ালটোৰ। হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা বৰঙণি পত্ৰৰ খেলখনত বৰপেটা চহৰৰ প্ৰীতম দাসে টয়'টা ফৰচুনাৰ বাহন লাভৰ খবৰে স্বাভাৱিকতে পৰিয়ালটোৰ লগতে চহৰবাসীকো আনন্দিত কৰি তোলে। 

also read: প্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল?

অৱশ্যে এই হাউলী ৰাস মহোৎসৱৰ বৰঙণি-পত্ৰৰ খেলত প্ৰথম পুৰস্কাৰ লাভ পুলকেশ কাকতিয়ে। হাউলী ৰাসত কঁপাল ফুলা পুলকেশ কাকতিৰ ঘৰ কামৰূপৰ পুঠিমাৰীত। 462884 নম্বৰ টিকটৰ গৰাকী আছিল পুলকেশ কাকতি। হাউলীৰ ৰাস মহোৎসৱৰ লটাৰীত প্ৰথম পুৰস্কাৰত আছিল প্ৰায় ডেৰ কোটি টকীয়া লেণ্ড ৰ’ভাৰ ডিফেণ্ডাৰ। 

Advertisment
Advertisment