Assameseকোন বিশিষ্ট ব্যক্তিলৈ ২০২৫-২৬ৰ অসম জাতীয় বিদ্যালয়ৰ বঁটা?অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ বঁটা ঘোষণা। চাৰিজন বিশিষ্ট ব্যক্তিলৈ অসম জাতীয় বিদ্যালয় ফেল'শ্বিপ ২০২৫-২৬ আৰু অসম জাতীয় বিদ্যালয় সন্মান ২০২৫ আগবঢ়োৱা হ'ব। Naba Gogoi Oct 27, 2025 15:30 ISTঅসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ বঁটা ঘোষণা। গুৱাহাটী, ২৭ অক্টোবৰঃ গুৱাহাটী প্ৰেছ ক্লাবত অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ সংবাদমেল। প্ৰত্যেক বছৰৰ দৰে এইবাৰো অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসে আগবঢ়াব বিশেষ দুটা সন্মান। চাৰিজন বিশিষ্ট ব্যক্তিলৈ অসম জাতীয় বিদ্যালয় ফেল'শ্বিপ, ২০২৫-২৬ আৰু অসম জাতীয় বিদ্যালয় সন্মান ২০২৫ আগবঢ়োৱা হ'ব। Advertismentalso read: বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ২০০৮ চনৰ পৰাই প্ৰতি দুই বছৰৰ মূৰে মূৰে সমাজৰ সকে কাম কৰা বিশিষ্ট ব্যক্তিসকলক দিয়া হয় এই সন্মান। যোৱা ১০ বছৰত মুঠ ২৮গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হৈছে এই সন্মান। অহা ১ৰ পৰা ৩ নবেম্বৰলৈ অনুষ্ঠিত কৰা হ'ব এই বঁটা প্ৰদান অনুষ্ঠান। অহা ২ নবেম্বৰত বিশিষ্ট অভিনেত্ৰী ৰীণ বৰাক প্ৰদান কৰা হ'ব অসম জাতীয় বিদ্যালয় ফেল'শ্বিপ, ২০২৫-২৬ৰ সন্মান। also read: মই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মালগতে বিশিষ্ট ভাস্কৰ্য্য শিল্পী বীৰেন সিংহ, বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, বিশিষ্ট শিক্ষাবিদ ক্ষীৰধৰ বৰুৱাক প্ৰদান কৰা হ'ব অসম জাতীয় বিদ্যালয় সন্মান ২০২৫। এই বঁটাত থাকিব ৩০ হাজাৰ টকা মাননি, স্মাৰক পত্ৰ, লগতে বহু উপহাৰ। উক্ত বঁটা প্ৰদান কৰিব নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকাই। also read: অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত...৩ নৱেম্বৰত প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হ'ব, উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু অভিনেতা ৰবি শৰ্মা। লগতে অনুষ্ঠিত হ'ব আমন্ত্ৰিত শিল্পী খগেন গগৈ আৰু বিমান বৰুৱাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান। AdvertismentAdvertisment Read the Next Article