Assameseশৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰযোৰহাটৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ তিতাবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জগত সিং নামৰ এজন অভিযুক্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।Jyotiprasad Sarma Nov 10, 2025 13:20 ISTশৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ Photograph: (DY365)চাঞ্চল্যকৰ, শিহৰণকাৰীশৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰযোৰহাটৰ তিতাবৰত চাঞ্চল্যকৰ ঘটনা। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। শৌচালয়ৰ টেংকিত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ তিতাবৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। জগত সিং নামৰ এজন অভিযুক্তৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ ছাত্ৰীগৰাকীৰ মৃতদেহ।AdvertismentAlso Read: পানীৰ অভাৱ ! ভয়ংকৰ বিপদৰ দিশে বিশ্বৰ অন্যতম এখন পুৰণি চহৰখবৰ অনুসৰি চাৰিদিনে সন্ধানহীন এগৰাকী যুৱতীৰ মৃতদেহ নিশা উদ্ধাৰ হয় শৌচালয়ৰ টেংকিত। অভিযুক্ত জগত সিঙৰ জোনাকী মণ্ডল গাঁৱৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চৌহদৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় মৃতদেহটো। মৃতদেহ উদ্ধাৰৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। একাংশ উত্তেজিত লোকে সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় যোৰহাট আৰক্ষী। আৰক্ষীৰ এটা বৃহৎ দলে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। নিশাই শ শ ক্ষুব্ধ ৰাইজে ঘেৰাও কৰে তিতাবৰ থানা। ইফালে এই ঘটনাৰ পিছতেই আজি তিতাবৰ চাৰিআলিত পথ অৱৰোধ কৰে এন এন শইকীয়া মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। আছু, KMSS, যুৱ ছাত্ৰ পৰিষদৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে। অভিযুক্ত জগত সিঙৰ ফাঁচি, ব্যৱসায়িক প্ৰতিষ্ঠান ছীল কৰাৰ দাবীৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে পৰিৱেশ। পথ অৱৰোধৰ ফলত চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। স্তব্ধ হৈ পৰে যাতায়াত। ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত পথ অৱৰোধ কৰে প্ৰতিবাদকাৰীয়ে।Also Read: লুইতৰ ওপৰত বায়ুসেনাৰ যুঁজাৰু বিমানে দেখুৱালে শক্তি, বীৰত্ব আৰু পৰাক্ৰমমৃত যুৱতীগৰাকীৰ পাতি লোৱা বৰদেউতাক আছিল অভিযুক্ত জগত সিং। জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিত ৭ তাৰিখৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ মৃতদেহটো শৌচালয়ৰ টেংকিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে JMCHলৈ প্ৰেৰণ কৰে। আনহাতে তিতাবৰ থানাৰ OC লক্ষ্মণ কুমাৰ দাসক ৰিজাৰ্ভ ক্ল’জ। কৰ্তব্যত হেমাহিৰ অভিযোগত ৰিজাৰ্ভ ক্ল’জ লক্ষ্মণ কুমাৰ দাসক। যোৰহাটৰ SP শুভ্ৰজিত্ বৰাই সদৰি কৰিলে এই তথ্য। নিৰুদ্দিষ্ট যুৱতীগৰাকীৰ সন্ধান বিচাৰি থানালৈ গৈছিল অভিভাৱক। গোচৰ ৰুজু কৰাৰ বিপৰীতে যুৱতীগৰাকীৰ পৰিয়ালক থানাৰ পৰা উভতাই পঠিয়াইছিল OC লক্ষ্মণ কুমাৰ দাসে। OC লক্ষ্মণ কুমাৰ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰে। ইফালে তিতাবৰ থানাৰ নতুন OC হিচাপে নিযুক্ত দীপাংকৰ গগৈ। তিতাবৰ থানাৰ OC লক্ষ্মণ কুমাৰ দাসৰ স্থলাভিষিক্ত দীপাংকৰ গগৈ। যোৰহাট যান-বাহন আৰক্ষীৰ বিষয়া হিচাপে নিযুক্ত আছিল দীপাংকৰ গগৈ। AdvertismentAdvertisment Read the Next Article