Advertisment

২-১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ

যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন NCCৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ। ৩৮২গৰাকী NCC কেডেটৰ অংশগ্ৰহণেৰে ২ ছেপ্টেম্বৰ পৰা ১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে।

 Photograph: (DY365)
Photograph: (DY365)

যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন NCCৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ। 

Advertisment

যোৰহাট, গোলাঘাট আৰু ডিমা হাছাও জিলাৰ ৩৮২গৰাকী NCC কেডেটৰ অংশগ্ৰহণেৰে ২ ছেপ্টেম্বৰ পৰা ১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। NCC গ্ৰুপ মুখ্য কাৰ্যালয় যোৰহাটৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ কৰ্ণাইল সিঙে উদ্বোধন কৰা এই শিবিৰত কেম্প কমাণ্ডেণ্ট কৰ্ণেল ৰাজেশ চান্দ আৰু ডেপুটি কেম্প কমাণ্ডেণ্ট মেজৰ বিজি চতুৰ্থৰ নেতৃত্বত শিবিৰত শাৰীৰিক প্ৰশিক্ষণ, ড্ৰিল, ফায়াৰিং আৰু NCC ক্লাছৰ লগতে বিভিন্ন প্ৰতিযোগিতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি যান-বাহন সুৰক্ষা, অগ্নি নিৰ্বাপক, দন্ত স্বাস্থ্য, মানসিক চাপ ব্যৱস্থাপনা, হাইড্ৰ’পনিক্স, জৈৱিক কৃষি আৰু মহিলাৰ স্বাস্থ্য আদিৰ ওপৰত বিষয়ত বিশেষজ্ঞসকলে বক্তৃতা প্ৰদান কৰে। লগতে যোৰহাটৰ সেনা নিযুক্তি কাৰ্যালয়ে ভাৰতীয় সেনাবাহিনীত কেৰিয়াৰৰ সুযোগ আৰু ইনটেক প্ৰক্ৰিয়া সম্পৰ্কে বিশেষ আলোচনা কৰে।

কেডেটসকলৰ দলৰ কাম, সৃজনশীলতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ বাবে শিবিৰত সাংস্কৃতিক অনুষ্ঠান, ক্ৰীড়া আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।

এনে প্ৰশিক্ষণমূলক শিবিৰৰ জৰিয়তে NCCয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সমাজক দায়িত্বশীল নাগৰিক আৰু আগন্তুক নেতা হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

ৰাজীৱ বৰা, যোৰহাট।

Advertisment
Advertisment