Assameseৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ মৃত্যুৰ ন-ন তথ্য।ড্ৰাগছৰ অভাৰড'জৰ ফলত মৃত্যু হোৱা পম্পী বৰুৱাৰ মৃত্যুৰ কাহিনীয়ে পোহৰলৈ আনিছে মহানগৰীত ড্ৰাগছৰ এক কলা অধ্যায়। ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ ন-ন তথ্য। ড্ৰাগছৰ অভাৰড'জ লোৱাৰ ফলত ৩১ আগষ্ট তাৰিখে মৃত্যু হোৱা পম্পী বৰুৱাৰ কাহিনী...Jyotishmoy Dutta Sep 06, 2025 12:07 ISTৰঙীন গুৱাহাতীৰ ভয়াৱহ ৰূপ। এক নতুন অধ্যায় পম্পী বৰুৱাৰ মৃত্যুৰ। ড্ৰাগছৰ অভাৰড'জৰ ফলত মৃত্যু হোৱা পম্পী বৰুৱাৰ মৃত্যুৰ কাহিনীয়ে পোহৰলৈ আনিছে মহানগৰীত ড্ৰাগছৰ এক কলা অধ্যায়। ৰহস্যৰ ভেদ কৰি ওলাইছে পম্পী বৰুৱাৰ ন-ন তথ্য। ড্ৰাগছৰ অভাৰড'জ লোৱাৰ ফলত ৩১ আগষ্ট তাৰিখে মৃত্যু হোৱা পম্পি বৰুৱাৰ কাহিনীয়ে পোহৰলৈ আনিছে। তথ্য মহানগৰীত ৰেপিড' উবেৰ চালকৰ ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ। মহানগৰ আৰক্ষীৰ হাতত ৰেপিড' উবেৰ চালকে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য। পম্পী বৰুৱাৰ মৃত্যুৰ লগত নাম সাঙোৰ খাইছে ৰেপিড' চালক। Advertismentৰেপিড' চালক মুক্তাৰ ওৰফে ইমৰান আলীৰ আৰক্ষীৰ সন্মুখত ভয়ংকৰ স্বীকাৰোক্তি যে মহানগৰীত একাংশ যুৱতীক ড্ৰাগছৰ যোগান ধৰে একাংশ ৰেপিড'-উবেৰ চালকে। প্ৰথমে ড্ৰাগছ সেৱন কৰাই তাৰ পিছত অভিযাত হোটেললৈ লৈ যায় যুৱতীক। ৩১ আগষ্টতো পম্পী বৰুৱাক ইমৰাণে নিজৰ ভাড়াঘৰত সেৱন কৰাইছিল ড্ৰাগছ আৰু তাৰপিছত লৈ গৈছিল ইছলামপুৰলৈ। পূৰ্বেও এনেদৰে ড্ৰাগছ সেৱন কৰাই হোটেলত ইমৰাণে যোগান ধৰিছিল যুৱতী । দেহ ব্যৱসায় চক্ৰৰ লগত সম্পৰ্ক ৰাখি ইমৰাণে ৰেপিড' চলাই কৰি গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা । ৩১ আগষ্টত ইমৰানে পম্পী বৰুৱাক হেঙৰাবাৰীৰ সৃষ্টি ৰিহাব চেন্টাৰৰ পৰা উলিয়াই আনে তাৰপিছত নিজৰ ভাড়াঘৰলৈ নি ড্ৰাগছ সেৱন কৰাই লৈ যায় ইছলামপুৰলৈ। ড্ৰাগছৰ অভাৰড'জ হোৱাৰ কাৰনে ইছলামপুৰতে মৃত্যু হৈছিল পম্পী বৰুৱাৰ। কিন্তু মৃত্যু হোৱা পম্পী বৰুৱাৰ মৃতদেহ চিকিৎসা কৰিবলৈ ইমৰানে লৈ আহে GMCH লৈ । GMCH তে চিকিউৰিটিয়ে মৃতদেহ থৈ পলাব লওতে ধৰিছিল ইমৰান আলীক। তাৰপিছতে সমগ্ৰ ঘটনাৰ তদন্ত কৰিবলৈ গৈ চকু কপালত উঠে পল্টন বজাৰ আৰক্ষীৰ । তদুপৰি বৰ্তমানলৈ পম্পী বৰুৱাৰ মৃত্যুক লৈ মহানগৰ আৰক্ষীৰ ওচৰত পৰিয়ালৰ লোকে দাখিল কৰা নাই কোনো এজাহাৰ । সেইবাবে পল্টন বজাৰ আৰক্ষীয়ে নিজাববীয়াকৈ ২৫৮/২৫ নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত । তদন্ত প্ৰক্ৰিয়া সঠিকভাৱে আগবাঢ়িলে শীঘ্ৰে মহানগৰ আৰক্ষীৰ জালত পৰিব একাংশ উবেৰ ৰেপিড' চালক। Read the Next Article