Advertisment

জুবিন অনুৰাগীক আক্ৰমণ। চিনি নাপায় জুবিন গাৰ্গক। এতিয়া ৰঙাঘৰৰ আলহী এই দুই যুৱক...

'জুবিন গাৰ্গ অসমৰ কোন হয়?', 'জুবিন গাৰ্গক আমি চিনি নাপাওঁ'। জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী দুই শিক্ষক পুত্ৰ। গহপুৰৰ গমিৰিত জুবিন গাৰ্গৰ অনুৰাগীক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া।

 File Image
File Image

'জুবিন গাৰ্গক আমি চিনি নাপাওঁ'

জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী দুই শিক্ষক পুত্ৰ।

অসমীয়াৰ হিয়াৰ আমঠু জুবিনৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ সমগ্ৰ ৰাজ্য। আপোন শিল্পীজনক শেষ শ্ৰদ্ধা জনাবলৈ ৰাজ্যৰ চুকে-কোণে অনুষ্ঠিত হৈছে শোকসভা, শোক সমদল, শোভাযাত্ৰা, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদি। এনে সময়তে গহপুৰ সমজিলাৰ গমিৰিত ২১ ছেপ্টেম্বৰৰ সন্ধিয়া জুবিনৰ শোভাযাত্ৰাকাৰী এটা দলৰ ওপৰত সংঘটিত হয় এটা অনাকাংক্ষিত আক্ৰমণৰ ঘটনা। 

Advertisment

বৰুৱাপথাৰৰ অঞ্চলৰ প্ৰায় দুই শতাধিক জুবিন অনুৰাগীয়ে মটৰ বাইক, সৰু গাড়ীৰে 'জয় জুবিন দা', 'উই লাভ জুবিন দা','জুবিন দা অমৰ হওক' আদি শ্ল'গানেৰে যোৱা শোভাযাত্ৰীক গমিৰিত উপস্থিত হোৱাৰ লগে লগে গমিৰি গধৰীয়া বস্তিৰ দুই শিক্ষক পুত্ৰ ক্ৰমে উদয় আদিত্য গৌতম আৰু ৰজত দাহালে মটৰ চাইকেল লৈ দলটোক আগভেটি ধৰে। ইয়াৰ পিছত যুৱকদ্বয়ে অশ্লীল শব্দ প্ৰয়োগ কৰি জুবিন সম্পৰ্কত বহু আপত্তিজনক কথা কোৱাৰ লগতে শোভাযাত্ৰাকাৰী দলটোক উপলুঙা সূচক মন্তব্য কৰে। 

ইয়াৰ উপৰিও 'জুবিন গাৰ্গ অসমৰ কোন হয়','জুবিন গাৰ্গক আমি চিনি নাপাওঁ' এনে কেতবোৰ অপ্ৰাসংগিক কথা কোৱা পৰিলক্ষিত হয়। যুৱক দুজনে আনকি শোভাযাত্ৰাকাৰী দলটোক গমিৰিৰ পৰা আগবাঢ়ি নাযাবলৈ ভয়-ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপন হয়।

হেলেম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৰজত দাহালক আটক কৰি থানালৈ লৈ অহাৰ বীপৰিতে সোমবাৰে আদিত্য গৌতমকো আটক কৰে আৰক্ষীয়ে। ইতিমধ্যে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬(১) আৰু ৬১(২) ধাৰা অনুসৰি ৬৮/২০২৫ নম্বৰত গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে দুই অভিযুক্তক।