Assameseলুইতৰ ওপৰত বায়ুসেনাৰ যুঁজাৰু বিমানে দেখুৱালে শক্তি, বীৰত্ব আৰু পৰাক্ৰমএক বিৰল অভিজ্ঞতাৰ সাক্ষী হৈ ৰ’ল গুৱাহাটীবাসী। গুৱাহাটী মহানগৰীৰ আকাশত আজি দেখা গ'ল ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰম আৰু বীৰত্ব। ইখনৰ পাছত সিখন যুদ্ধবিমানে আজি দেখুৱালে বায়ুসেনাৰ শক্তি, সামৰ্থ্য আৰু সাহস। Mrinmoy Talukdar Nov 09, 2025 17:21 ISTFILEPHOTOলুইতৰ ওপৰত বায়ুসেনাৰ যুঁজাৰু বিমানে দেখুৱালে শক্তি, বীৰত্ব আৰু পৰাক্ৰমএক বিৰল অভিজ্ঞতাৰ সাক্ষী হৈ ৰ’ল গুৱাহাটীবাসী। গুৱাহাটী মহানগৰীৰ আকাশত আজি দেখা গ'ল ভাৰতীয় বায়ু সেনাৰ পৰাক্ৰম আৰু বীৰত্ব। ইখনৰ পাছত সিখন যুদ্ধবিমানে আজি দেখুৱালে বায়ুসেনাৰ শক্তি, সামৰ্থ্য আৰু সাহস। Advertismentউত্তৰ-পূবৰ যুৱশক্তিক উদ্বুদ্ধ কৰিবলৈ ভাৰতীয় বায়ুসেনাই ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰদৰ্শন কৰে শিহৰণকাৰী কলা-কৌশল। হেলিকপ্টাৰ আৰু যুঁজাৰু বিমানেৰে প্ৰদৰ্শন কৰে বায়ুসেনাৰ শক্তি, বীৰত্ব।লুইতৰ আকাশত বায়ুসেনাৰ বৰ্ণিল বিক্ৰম। গুৱাহাটীৰ লাচিতঘাটত সমৱেত অগণন লোকক তিনিখন হেলিকপ্টাৰেৰে অভিবাদন জনায় বায়ুসেনাই। B-17, সাৰাংগ আৰু আপাচী এটেক হেলিকপ্টাৰেৰে ধোঁৱা নিৰ্গত কৰি বৈমানিকৰ বাবে পোনতে দৃশ্যমান কৰি লোৱা হয় লাচিতঘাটৰ আকাশ।বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা বাৰ্ষিকী উদযাপনৰ অংশ স্বৰূপে লুইতৰ আকাশত ইখনৰ পিছত সিখন যুঁজাৰু বিমানে প্ৰদৰ্শন কৰে বিক্ৰম। বায়ুসেনাৰ ৭৫খন আকাশী যানে অংশ লয় এয়াৰ শ্ব’ত। দুপৰীয়া ১২.৩০ বজাৰ পৰা আৰম্ভ হোৱা এয়াৰ শ্ব’ৰ মুখ্য আকৰ্ষণ আছিল ৰাফাল যুদ্ধ বিমান। ছুখ’ই, MIG-29, মিৰেজ, তেজছ, জাগুৱাৰ, C 17 গ্ল’ব মাষ্টাৰেও প্ৰদৰ্শন কৰে নিজৰ অজেয় শক্তি। এয়াৰ হেলিকপ্টাৰ, C130 হাৰকিউলিছ, এণ্টনভ AN32 হেলিকপ্টাৰেও প্ৰদৰ্শন কৰে এৰ’বেটিক স্কিল। বায়ুসেনাৰ সূৰ্যকিৰণ এৰ’বেটিক টীমে লুইতৰ আকাশত সৃষ্টি কৰে বৰ্ণিল কুণ্ডলী।ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্থল আৰু বায়ুসেনাৰ বিষয়াবৰ্গ সহিতে বিদেশী প্ৰতিনিধিৰ সন্মুখত দৃষ্টিনন্দন কলা-কৌশল প্ৰদৰ্শন কৰে বায়ুসেনাৰ জোৱানে। এয়াই ভাৰতীয় বায়ুসেনাৰ সম্ভ্ৰম। অভেদ্য, অজেয় আৰু সুদক্ষ এই বায়ুসেনাৰ সুৰক্ষা বেষ্টনীত আপুনি, মই, আমি, সমগ্ৰ দেশবাসী।AdvertismentAdvertisment Read the Next Article