Advertisment

দালালক ধন নিদিলে ৰোগীক চিকিৎসা নকৰে চিকিৎকে! বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা

চৰকাৰী চিকিৎসালয়ত অৰাজকতা! দালালক ধন নিদিলে চিকিৎকে ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ। কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা। চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় চিকিৎসক।

 দালালক ধন নিদিলে ৰোগীক চিকিৎসা নকৰে চিকিৎকে! বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা

দালালক ধন নিদিলে ৰোগীক চিকিৎসা নকৰে চিকিৎকে! বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতাৰ অভিযোগ।

Advertisment

গুৱাহাটী, ২১ অক্টোবৰঃ চৰকাৰী চিকিৎসালয়ত অৰাজকতা! দালালক ধন নিদিলে চিকিৎকে ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ। কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতা। চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় চিকিৎসক। অচলাৱস্থাৰ সৃষ্টি হৈছে চিকিৎসালয়খনৰ ৰোগ নিৰ্ণায়ক কেন্দ্ৰতো।

also read: জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

বৰপেটা অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ হেমাহি-গাফিলতিৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে ৰোগীয়ে। ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা ধৰি থিয় হৈ থাকিব লাগে একো একোজন ৰোগী। চিকিৎসালয়খনৰ চিকিৎসক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰোগী আৰু ৰোগীৰ অভিভাৱকে।

also read: 'Worldwide Book of Records'ত বিশ্ব অভিলেখ দক্ষিণ কামৰূপৰ মানসজ্যোতিৰ

অভিযোগ অনুসৰি চিকিৎসালয়খনত সময়মতে উপস্থিত নহয় একাংশ চিকিৎসক। নিজ খেয়াল-খুচি মতে চিকিৎসালয়ত উপস্থিত হয় চিকিৎসক-কৰ্মচাৰী। চৰকাৰী কৰ্তব্য সম্পাদনৰ সময়ত চিকিৎসালয়খনৰ একাংশ চিকিৎসকে ব্যক্তিগত চেম্বাৰত ৰোগী চোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা একাংশ ভুক্তভোগীয়ে। ইফালে প্ৰসূতিৰ চিজাৰিয়ান অস্ত্ৰোপচাৰৰ নামত ধনৰ ব্যাপক লেনদেন হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ একাংশ অভিভাৱকে। ডায়েগনেষ্টিক চেণ্টাৰৰ চেম্বাৰত বহি দালালৰ জৰিয়তে ধন সংগ্ৰহ কৰে একাংশ প্ৰসূতি ৰোগ বিশেষজ্ঞই! কেৱল এয়াই নহয়, দালালে গুগ'ল পে, ফোনপেৰ জৰিয়তেও ধন সংগ্ৰহ কৰাৰ অভিযোগ। 

also read: মই মুছলমান হ'লেও কালী মা মোৰ বাবে সকলোঃ ইউছুফ মিঞা

এনেদৰে এতিয়া চৰম অৰাজকতা আৰু অচলাৱস্থাৰ মাজেৰে চলিছে বৰপেটা অসামৰিক চিকিৎসালয়। ধন নিদিলে চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ৰোগী। দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসালয়খনত চলি থকা অৰাজকতাৰ অৱসান ঘটাবলৈ ঊৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৰোগীৰ অভিভাৱক তথা স্থানীয় ৰাইজে।