Advertisment

ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ। ভদীয়া বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাটাও অঞ্চল।

 ভদীয়া বান Photograph: (file)
ভদীয়া বান Photograph: (file)

ভদীয়া বানত বিধ্বস্ত...!


ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈসমূহ। ভদীয়া বানৰ কবলত পৰিছে ৰাজ্যৰ কেইবাটাও অঞ্চল। ভিন্ন প্ৰান্তত ভদীয়া বানে লৈছে কালৰূপ। বানৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈছে জনজীৱন। সাধাৰণ ৰাইজ, পশুধনৰ মাজত হাহাকাৰ অৱস্থা। কোনো কোনো স্থানত বৰষুণৰ ফলত ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনাৰ খবৰ পোহৰলৈ।

Advertisment

বিশ্বনাথত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো সৰু সৰু নৈৰ বৃদ্ধি পাইছে জলপৃষ্ঠ। সাধাৰু নৈ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। ইফালে বিশ্বনাথ নগৰতো বৰষুণৰ পানীয়ে সৃষ্টি কৰিছে কৃত্ৰিম বান। বহু লোকৰ ঘৰৰ ভিতৰত কেৱল পানী আৰু পানী।

শোণিতপুৰৰ চাৰিদুৱাৰতো বানে প্লাৱিত কৰিছে কেইবাখনো গাঁও। পাহাৰীয়া নদীৰ বানে বিপদত পেলাইছে সাধাৰণ ৰাইজক। গড়কাপ্টানী পথৰ ওপৰেৰে বাগৰিছে পানী। বাঢ়নী পানীত বুৰ যায় চপালগা, বগীজুলি, দোৱাঙনি, দক্ষিনখিলা আদি কৰি কেইবাখনো গাঁও। ন ন অঞ্চল প্লাৱিত হৈছে পাহাৰীয়া নদীৰ বাঢ়নী পানীত। প্ৰায় শতাধিক পৰিয়াল এতিয়া ভদিয়া বানৰ কবলত।

গহপুৰতো ভদীয়া বানে সৃষ্টি কৰিছে তাণ্ডৱৰ। পাহাৰীয়া ব্ৰহ্মাজান আৰু চত্ৰং নৈয়ে লৈছে ভয়ংকৰ ৰূপ। প্লাৱিত হৈছে মহেন্দ্ৰপুৰ, দৰীয়াখাট, খাটৰবাৰীকে ধৰি বহু গাঁও। মানুহ-পশুধনৰ মাজত হাহাকাৰ অৱস্থা। 
ইফালে নাৰায়ণপুৰৰ চেঁচা নৈ বাঢ়নী পানীৰ কবলত পৰিছে ফুটাভোগ অঞ্চল৷ অৰুণাচল পাহাৰ তথা উপকণ্ঠ অঞ্চলত অব্যাহত থকা প্ৰবল বৰষুণ ফলত চেঁচা নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৃহত্তৰ অঞ্চলটো৷ হাৱাজান-শিমলুগুৰি গড়কাপ্টানি পথৰ ওপৰেদি বাগৰিছে পানী৷ সম্প্ৰতি পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। বাট-পথ, কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হয় ভদীয়া বানত। 

ভদীয়া বানৰ কবলত সৰুপথাৰ সমজিলাৰ বৃহৎ অঞ্চল। দৈয়াং আৰু ধনশিৰি নৈৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি হোৱাত নৈ পৰীয়াৰ লোকৰ মাজত হাহাকাৰ। গেলাবিল, বৰবালি, শিমলুচাপৰি, ছেৱাগুৰি, বৰডুবিকে ধৰি ১০খনৰো অধিক গাঁও বানৰ কবলত।