Advertisment

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

আজি ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অসমত এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯।

 ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি।  ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। Photograph: (file photo)
ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য। Photograph: (file photo)

ৰাজ্যত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য।

Advertisment

আজি ১৪ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে অসমত এক ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি।

ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.৯। তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ তেজপুৰৰ নিকটৱৰ্তী ঢেকীয়াজুলিৰ পৰা ১৬ কিলোমিটাৰ নিলগত বুলি অনুমান কৰা হৈছে। ভূপৃষ্ঠৰ পৰা প্ৰায় ৫ কিলোমিটাৰ গভীৰতাত ইয়াৰ উৎপত্তি হৈছিলএই কম্পন অসমৰ উপৰি বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান, চীনতো  ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ভূমিকম্পৰ তীব্ৰতা ইমানেই আছিল যে বহু ছেকেণ্ড ধৰি কম্পিত হৈ আছিল পৃথিৱী। 

প্রৱল জোকাৰণিৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত সামান্য পৰিমাণে ক্ষয়-ক্ষতি হোৱাৰো তথ্য পোৱা গৈছে। 

Advertisment

নলবাৰীত ভূমিকম্পৰ ফলত এটা ঘৰৰ দেৱাল, মজিয়া সকলোতে ফাঁট মেলা দেখিবলৈ পোৱা গৈছে। ভূমিকম্পৰ জোকাৰণিত খহি পৰিল ঘৰৰ চিলিং। শোণিতপুৰৰ ৰঙাপৰাতো ভূমিকম্পত ক্ষতিসাধন হয় এটি গুদাম ঘৰৰ। ভূমিকম্পৰ ফলত ৰঙাপৰাৰ এজন ব্যক্তিৰ গুদাম ঘৰৰ পকিৰ বেৰ ভাঙি পৰে। গহপুৰকো জোকাৰি যায় ভূমিকম্পই ৷ কেইবাটাও পকী ঘৰত মেলিছে ফাঁট। ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী লংজাপ বজাৰত বিয়লি ভাগত অহা ভূমিকম্পৰ ফলত এটি দোকান ঘৰ ভাঙি পৰে।

ইয়াৰ পূৰ্বেও বহু কেইটা ভূমিকম্পই ৰাজ্য জোকাৰি গৈছিল যাৰ ফলত বিস্তৰ ক্ষতি সাধন কৰিছিল।

অসম ভাৰতৰ পঞ্চম ভূকম্পন মণ্ডলৰ (Seismic Zone V) অন্তৰ্গত। গতিকে ই এক অতি স্পৰ্শকাতৰ অঞ্চল। ইয়াৰ ইতিহাসত বহুকেইটা ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে, যিয়ে ব্যাপক ক্ষতিসাধন কৰিছে।

Advertisment

১৮৯৭ চনৰ শিলং ভূমিকম্প: এই ভূমিকম্পটোৱে অসমৰ লগতে উত্তৰ-পূব ভাৰতত ব্যাপক ক্ষতি কৰিছিল। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৮.১। ইয়াৰ ফলত প্ৰায় ১৫০০ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু বহু ঘৰ-দুৱাৰ ধ্বংস হৈছিল। এই ভূমিকম্পৰ ফলত শিলং মালভূমি প্ৰায় ১১ মিটাৰ ওপৰলৈ উঠি আহিছিল।

১৯৫০ চনৰ অসম-তিব্বত ভূমিকম্প: এইটো অসমৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পসমূহৰ ভিতৰত অন্যতম। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৮.৬। এই ভূমিকম্পৰ ফলত প্ৰায় ৪৮০০ লোকৰ মৃত্যু হৈছিল আৰু ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সলনি হৈছিল।

২০২১ চনৰ ভূমিকম্প: শেহতীয়াকৈ ২০২১ চনৰ ২৮ এপ্ৰিলত অসমত এক শক্তিশালী ভূমিকম্প হৈছিল। ইয়াৰ প্ৰাবল্য আছিল ৬.৪। ইয়াৰ উৎসস্থল আছিল শোণিতপুৰৰ ঢেকিয়াজুলীৰ ওচৰত। এই ভূমিকম্পৰ ফলত বহু ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছিল আৰু কেইবাজনো লোক আহত হৈছিল।

Advertisment

Advertisment
Advertisment