Assameseপ্ৰতিবেশীয়ে আছিল নলবাৰীৰ ভয়ংকৰ ঘটনাৰ অভিযুক্ত, ১০ দিনৰ অন্তত আৰক্ষীৰ জালত পৰিল দুই মাষ্টাৰ মাইণ্ডঅৱসৰপ্ৰাপ্ত লোকৰ গৃহত লুটপাত, হত্যা। নলবাৰীৰ লোমহৰ্ষক ঘটনাৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আটক ডকাইতৰ প্ৰেয়সীও। প্ৰতিবেশীয়ে হত্যা কৰিছিল নলবাৰীৰ অৱসৰপ্ৰাপ্ত লোকজনক। Anindita Kataki Sep 07, 2025 18:10 ISTnalbari murderer arrest Photograph: (file photo)২৯ আগষ্টৰ নিশা নলবাৰীৰ মোহখলিত সংঘটিত হৈছিৱ ভয়াৱহ ডকাইতি আৰু হত্যাকাণ্ডৰ ঘটনাৰ। সেই চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। তাৰপাছতেই ডকাইত আৰু হত্যাকাৰীক বিচাৰি আৰম্ভ হৈছিল আৰক্ষীৰ অভিযান। আৰু অৱশেষত ১০ দিনৰ অন্তত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ গৃহত ডকাইতি আৰু হত্যাকাণ্ড সংঘটিত কৰা দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰিছে নলবাৰী আৰক্ষীয়ে।Advertismentআৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ডকাইতৰ প্ৰেয়সীও। নলবাৰীৰ মোহখলি গাওঁৰ প্ৰমোদ বৰ্মনৰ গৃহত ২৯ আগষ্টৰ নিশা ডকাইতৰ দলে সংঘটিত কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই। প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী মীৰা বৰ্মনক ডকাইতৰ দলে মুখত সোপা দি, হাত ভৰি বান্ধি প্ৰথমে চলাইছিল লুটপাত । পিছত অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনক মৰিয়াই মৰিয়াই হত্যা কৰিছিল ডকাইতৰ দলটোৱে ।এই ঘটনাই বিগত প্ৰায় দহ দিন ধৰি চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে, শনিবাৰে নিশা নলবাৰী আৰক্ষীয়ে নিজ বাঁহজানীৰ পৰা গ্ৰেপ্তাৰ কৰে মৃন্ময় বেজবৰুৱা নামৰ অভিযুক্তক। মৃণ্ময় বেজবৰুৱাৰ গ্ৰেপ্তাৰৰ পিছতে আৰক্ষীৰ জালত আন এজন মাষ্টাৰ মাইণ্ড ভাস্কৰ ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দ্বিতীয় জন মাষ্টাৰ মাইণ্ড আন কোনো নহয় হত্যাৰ বলি হোৱা প্ৰমোদ বৰ্মণৰ প্ৰতিবেশী আছিল ভাস্কৰ ডেকা। আৰু ইয়াৰ পিছতেই গুৱাহাটীৰ পৰা মৃন্ময় বেজবৰুৱাৰ প্ৰেয়সীক আটক কৰে আৰক্ষীয়ে মৃন্ময় বেজবৰুৱাৰ প্ৰেয়সীৰ পৰা নিহত প্ৰমোদ বৰ্মনৰ পত্নীৰ মবাইলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।নিহত প্ৰমোদ বৰ্মনৰ একেবাৰে কাষৰ ঘৰটোৱে হত্যাকাণ্ডটোৰ মাষ্টাৰ মাইণ্ড ভাস্কৰ ডেকাৰ ঘৰ ।হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা প্ৰথমে ভাস্কৰ ডেকাইয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে জনাইছিল নিহতৰ আত্মীয় তথা গাওঁবাসীক । স্থানীয় ৰাইজৰ লগত মিলি ঘটনাটোৰ তদন্ত দাবী কৰিছিল ভাস্কৰে । আনকি প্ৰমোদ বৰ্মনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ সময়তো সংগ দিছিল ভাস্কৰ ডেকাই । হত্যাকাণ্ডৰ পিছদিনা আৰক্ষীয়ে সোধপোচ বাবে ভাস্কৰ ডেকাক নিছিল যদিও মুকলি কৰি দিছিল । অৱশেষত আৰক্ষীৰ তদন্তত সকলো ঘটনা জল জল পট পটকৈ ওলাই পৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাস্কৰ ডেকা আৰু মৃন্ময় বেজবৰুৱাক । মৃন্ময় বেজবৰুৱাৰ প্ৰেয়সীকো শনিবাৰে নিশাৰ ভাগতে গুৱাহাটীৰ পৰা আৰক্ষীয়ে আটক কৰিছে । Read the Next Article