Assameseপাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক! ১০ ছেপ্টেম্বৰত অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প?প্ৰকৃততে কি হ'ব ১০ ছেপ্টেম্বৰৰ দিনটোত? উল্লেখ্য যে কিছুমাহ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ দাবী- 'গৌৰৱ গগৈৰ আছে পাকিস্তানৰ সৈতে সম্পৰ্ক।Naba Gogoi Sep 05, 2025 18:36 ISTঅপেক্ষা ১০ ছেপ্টেম্বৰলৈ। সেই দিনটোত অসমৰ ৰাজনীতিত হ'ব নেকি ভূমিকম্প? প্ৰমাণ হ'ব নেকি গৌৰৱ গগৈৰ পাকিস্তান লিংক?Advertisment১০ ছেপ্টেম্বৰত ভাগ্য নিৰ্ণয় হ'ব গৌৰৱ গগৈৰ! প্ৰকৃততে কি হ'ব ১০ ছেপ্টেম্বৰৰ দিনটোত? উল্লেখ্য যে কিছুমাহ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আনিছিল বিস্ফোৰক অভিযোগ। মুখ্যমন্ত্ৰীৰ দাবী- 'গৌৰৱ গগৈৰ আছে পাকিস্তানৰ সৈতে সম্পৰ্ক। ভাৰত চৰকাৰৰ অজ্ঞাতে পাকিস্তান ভ্ৰমণ কৰিছিল গৌৰৱে'।মুখ্যমন্ত্ৰীৰ এই দাবীৰ পিছতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ঘোষণা কৰিছিল তদন্ত। গঠন কৰিছিল SIT, জেৰা কৰিছিল বহু লোকক। মুখ্যমন্ত্ৰীয়ে গঠন কৰা এই SITৰেই প্ৰতিবেদন প্ৰকাশ হ'ব ১০ ছেপ্টেম্বৰত।মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগৰ পিছতেই সৰৱ হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও। মুখ্যমন্ত্ৰীৰ অভিযোগক ভিত্তিহীন আখ্যা দি আহিছে গৌৰৱ গগৈয়ে। গগৈৰ মতে- 'এই অভিযোগ সম্পূৰ্ণ মিছা। যদি প্ৰমাণ আছে ব্যবস্থা লওঁক'। ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও গুৱাহাটীত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত হৈছিল সৰৱ। দৰাচলতে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগত এতিয়া কোন সঁচা কোন মিছা? সঁচাকৈয়ে আছে নেকি নেকি গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ সম্পৰ্ক। এনে বহু প্ৰশ্নৰ মাজতে বৃহস্পতিবাৰে অৰ্থাৎ ৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীক সাংবাদিকে উক্ত বিষয়ক লৈ কৰিলে প্ৰশ্ন। সাংবাদিকৰ প্ৰশ্ন, '১০ ছেপ্টেম্বৰৰ পিছত মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব বুলি গৌৰৱ গগৈয়ে কৈছে'। উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে- 'এইবিলাক অলাগতীয়াল কথা, হিমন্ত বিশ্ব শৰ্মাই এনেকোৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ ৩জনেই বিদেশী তেওঁ আমাক জ্ঞান দিব নেকি?' 'তেৱঁৰ সন্তানো বিদেশী, পৰিবাৰো বিদেশী, এদিন তেখেতো বিদেশলৈ গুচি যাব'। অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যত পূৰ্বৰ স্থিতিৰ কিছু দুৰ্বলতা স্পষ্ট হৈছে। যেন মুখ্যমন্ত্ৰীয়ে বিষয়টোত পূৰ্বৰ দৰে গুৰুত্ব প্ৰদান কৰা নাই। যি নহওক মুখ্যমন্ত্ৰীয়ে দিয়া তাৰিখ অনুসৰি ১০ ছেপ্টেম্বৰ সমাগত। এই ১০ ছেপ্টেম্বৰৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে হ’ব এটা গুৰুত্বপূৰ্ণ দিন। Read the Next Article