Advertisment

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমীয়া শিপিনীৰ আদৰ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমৰ শিপিনীৰ আদৰ। ভূটানত কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী তামুলপুৰৰ মহিলা। বিগত ১২ বছৰ ধৰি ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে।

 Filephoto
Filephoto

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমীয়া শিপিনীৰ আদৰ

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমৰ শিপিনীৰ আদৰ। ভূটানত কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী তামুলপুৰৰ মহিলা। বিগত ১২ বছৰ ধৰি ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে।

Advertisment

ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে। বিগত ১২ বছৰ ধৰি ভূটানত কাপোৰ বিক্ৰী কৰি তামুলপুৰৰ ভিন্ন অঞ্চলৰ মহিলাসকলে চলাইছে নীৰৱ শিল্প বিপ্লৱ। বড়ো জনগোষ্ঠীয় বহুসংখ্যক মহিলা জড়িত এই শিপিনী বিপ্লৱত পৰম্পৰাগত ভূটীয়া পোছাক জামা, চেঠা, আদা, জাজিম, হাফখিৰা, পাঞ্চী, বাখু, তুদুমহাত তৈয়াৰ কৰিছে অসমৰ শিপিনীয়ে। 

নিজহাতে শিপিনীয়ে সূতা কাটি, বৈ, গুঠি উলিয়াইছে ভূটানৰ কাপোৰ। মেচিনৰ সহায়তো উচ্চদক্ষ বয়নকাৰী হিচাপে চিহ্নিত হৈছে এইসকল মহিলা। আৰ্থিকভাৱে স্বাৱলম্বী হোৱা শিপিনী বিপ্লৱৰ নেতৃত্ব লৈছে নেহা স্বৰ্গীয়াৰীয়ে। 

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সৈতে ব্যৱসায়িক সম্পৰ্ক তামুলপুৰৰ মহিলাৰ। তামুলপুৰৰ পৰা ভূটানলৈ আমদানী হয় কাৰ্টুনে কাৰ্টুনে ভূটীয়া বস্ত্ৰ। তামুলপুৰ জিলাৰ অন্তৰ্গত কলবাৰী, গেৰুৱা, আনন্দবাজাৰ, কাদোংঙা, জামুগুৰি, ফুহুৰাবাৰী, চেংমাৰী, বেলবাৰী, ঝাৰকোণা, পলোকাটা, দৰঙামেলা, শশীপুৰ আদি অঞ্চলত বিগত ১২ বছৰ ধৰি এক নীৰৱ শিল্প বিপ্লৱ ঠন ধৰি উঠিছে। বড়ো জনগোষ্ঠীৰ বহু সংখ্যক মহিলা শিপিনীয়ে ভূটানৰ ভূটিয়া সকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰি নিজেই স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় অৰ্থনীতি আৰু সামাজিক সংস্থাপনৰ ক্ষেত্ৰতো এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

স্থানীয় শিপিনীৰ মতে, প্ৰথমে নিজ হাতে সুতা কাতি, বয়, গুঠি উলিওৱা এই কলাত পূৰ্ণ একাগ্ৰতাৰ লগতে ধৈৰ্য্য আৰু যথেষ্ট সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমান সজাগতা, দক্ষতা আৰু বজাৰ চাহিদাৰ সৈতে বহু শিপিনীয়ে মেচিনৰ সহায়ত উচ্চ দক্ষ বয়নকাৰী হিচাপে চিহ্নিত হৈছে। তদুপৰি, এই উদ্যোগে অঞ্চলটোৰ বিভিন্ন মহিলাক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লগতে অন্য বহু মহিলাকো এই শিল্পৰ সৈতে জড়িত হবলৈ প্ৰেৰণা যোগাইছে।

উল্লেখ্য যে তামুলপুৰৰ কলবাৰী গাঁৱৰ বয়নশিল্পী নেহা স্বৰ্গীয়াৰীয়ে জানিবলৈ দিয়া অনুসৰি বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত ভাবে পৰিধান কৰা দখনাতকৈ কম দিনতে এই ভূটিয়া কাপোৰ প্ৰস্তুত কৰি অধিক লাভাম্বিত হব পাৰি। লগতে তেওঁ ভূটিয়া কাপোৰ প্ৰস্তুত কৰিয়ে নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে বুলিও সদৰি কৰে।

Advertisment
Advertisment