Advertisment

প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী

২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।

 প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী Photograph: (DY365)
প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী Photograph: (DY365)

প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী
 

২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী। প্ৰকাশ কৰা পৰীক্ষাৰ সময়সূচী অনুসৰি ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)। ঠিক একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এদিনৰ পিছতে আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (HS)। 

Advertisment

১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) পৰীক্ষা। ১০ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত অনুষ্ঠিত হ'ব MILৰ পৰীক্ষা। ১৩ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত অনুষ্ঠিত হ'ব সমাজ বিজ্ঞানৰ পৰীক্ষা। ১৬ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ইংৰাজীৰ পৰীক্ষা। ২০ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত সাধাৰণ গণিত, ২৩ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত অনুষ্ঠিত হ'ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। ২৫ ফেব্ৰুৱাৰীত পুৱা ৯ বজাত ঐচ্ছিক হিন্দী আৰু ২৬ ফেব্ৰুৱাৰীত পুৱা অনুষ্ঠিত হ'ব ঐচ্ছিক বিষয়সমূহৰ পৰীক্ষা। 

Also Read: ব্লেকমেইল কৰি মহিলাৰ সৈতে অপকৰ্ম লম্পট ৰজত দাসৰ !

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী। ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব HSৰ পৰীক্ষা। ১১ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাত অনুষ্ঠিত হ'ব ইংৰাজীৰ পৰীক্ষা। ১২ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা স্বদেশ অধ্যয়নৰ পৰীক্ষা। ১৪ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা MILৰ পৰীক্ষা, ১৬ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব নৃ-তত্ব, সমাজতত্ব, Sales Management & Advertisingৰ পৰীক্ষা। ২০ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা Statisticsৰ পৰীক্ষা।

Also Read: আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন।

২০ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা Computer Science & Applicationৰ পৰীক্ষা। ২৩ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব বায়’লজী, বুৰঞ্জীৰ পৰীক্ষা। ২৬ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা বিহু বিষয়ৰ পৰীক্ষা। ২৭ ফেব্ৰুৱাৰীত দুপৰীয়া ১.৩০ বজাৰ পৰা গণিতৰ পৰীক্ষা, ৫ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব পদাৰ্থ বিজ্ঞান, শিক্ষা বিষয়ৰ পৰীক্ষা। ৭ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা তৰ্ক বিজ্ঞান আৰু দৰ্শন, মনোবিজ্ঞানৰ পৰীক্ষা। ৯ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হ'ব ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা। ১০ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা ভূ-তত্ব, ভূগোলৰ পৰীক্ষা। ১১ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা সংস্কৃতৰ পৰীক্ষা আৰু ১২ মাৰ্চত দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হ'ব অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষা। 

Also Read: বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR

Advertisment
Advertisment