Advertisment

ব্লেকমেইল কৰি মহিলাৰ সৈতে অপকৰ্ম লম্পট ৰজত দাসৰ !

মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট ৰজত দাস৷ মহিলাৰ নগ্ন ছবি তুলি ভাইৰেল কৰাৰ ভয় দেখুৱাই মহিলা গৰাকীৰ সৈতে জঘন্য কাণ্ড কৰিছিল লম্পট ৰজত দাসে৷ তাৰ পাছত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰজত দাসক।

 Filephoto

ৰাজ্যত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী মহিলাক ব্লেকমেইল কৰি এইবাৰ ৰঙাঘৰৰ আলহী হ'ল ৰজত দাস নামৰ এটা লম্পট। ৰজত দাস নামৰ লম্পটটোৱে এগৰাকী  মহিলাৰ নগ্ন ছবি তুলিছিল।  মহিলা গৰাকীৰ নগ্ন ছবি তুলি ভাইৰেল কৰি দিয়াৰ ভাবুকি দিছিল মহিলা গৰাকীক। 

শিলচৰৰ কনকপুৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। ৰজত দাস নামৰ লম্পটটোৱে ব্লেকমেইল কৰি এগৰাকী মহিলাৰ সৈতে কৰিছিল জঘন্য কাণ্ড। মহিলাৰ নগ্ন ফটো তুলি প্ৰথমে  ব্লেকমেইল আৰু তাৰ পাছত বোৱাৰীৰ নগ্ন ফটো ভাইৰেল কৰাৰ ভয় দেখুৱাই মহিলা গৰাকীক ধৰ্ষণ কৰি আহিছিল পাষণ্ড ৰজত দাসে ।

অৱশেষত আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী মহিলাগৰাকী। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত যুৱক ৰজত দাসক। ৰজত দাস ওৰফে মান্নাই ঘৰৰ ওচৰৰে মহিলাগৰাকীৰ নগ্ন ছবি তুলি যোৱা কিছুদিনৰ পৰা মহিলাগৰাকীক ধৰ্ষণ কৰি আহিছিল। নগ্ন ছবি ভাইৰেল কৰি দিয়াৰ ভয় দেখুৱাই বোৱাৰী গৰাকীক ধৰ্ষণ কৰি আহিছিল লম্পট জনে। দীৰ্ঘদিন ধৰি এইদৰে যুৱক জনৰ কামনাৰ বলি হৈ অৱশেষত সাহস কৰি আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী মহিলা গৰাকী। ভুক্তভোগী মহিলা গৰাকীয়ে যুৱক জনৰ বিৰুদ্ধে আৰক্ষী চকীত ৰুজু কৰিলে এক গোচৰ। ভুক্তভোগী মহিলা গৰাকীৰ গোচৰৰ ভিত্তিতে আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে অভিযুক্ত যুৱক ৰজত দাসক।

Advertisment
Advertisment