Advertisment

ৰহস্যঘন মৃত্যু! GMCHত কাইলৈ হ’ব জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা

ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল আমাৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সাঁতুৰিবৰ বাবে নামিছিল ছিংগাপুৰৰ সাগৰত। সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু তাৰ পাছত কোনোদিন উভতি নহা বাটেৰে গুছি গ'ল হাৰ্টথ্ৰৱ।

 FILEPHOTO
FILEPHOTO

ৰহস্যঘন মৃত্যু! GMCHত কাইলৈ হ’ব জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা

১৯ ছেপ্টেম্বৰৰ দিনটো আছিল সমগ্ৰ অসমবাসীৰ বাবে এটা ক’লা দিন। এই দিনটোতেই আহিছিল অনাকাংক্ষিত খবৰটো। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত ছিংগাপুৰত অকাল মৃত্যুক সাৱতি লৈছিল আমাৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। হাৰ্টথ্ৰৱ জুবিন গাৰ্গে সাঁতুৰিবৰ বাবে নামিছিল ছিংগাপুৰৰ সাগৰত। সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হৈছিল যদিও সকলো চেষ্টাকে বিফল কৰি কোনোদিন উভতি নহা বাটেৰে গুছি গৈছিল হাৰ্টথ্ৰৱ।

Advertisment

তাৰ পিছতেই অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই অসমলৈ লৈ অনা হৈছিল সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গক। বৰঝাৰ বিমানবন্দৰত পত্নী গৰিমা গাৰ্গে চমজি লৈছিল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ৷ ইয়াৰ পাছতেই অগণন গুণমুগ্ধৰ উপস্থিতিত বিমান বন্দৰৰ পৰা পুষ্পসজ্জিত বাহনেৰে কাহিলীপাৰাৰ বাসগৃহ অভিমুখে ৰাওনা হৈছিল জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। লগত অগণন অনুৰাগী, গুণমুগ্ধ। কাহিলীপাৰাত পৰিয়ালৰ লোক তথা আত্মীয়ই শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত অসমীয়াৰ হেঁপাহৰ জুবিনক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি বাবে লৈ অনা হৈছিল অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ।

সময় বাগৰাৰ লগে লগে সোমবাৰৰ দিনটোত অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ দাবী কৰিছিল। লাহে লাহে এই দাবী সামাজিক মাধ্যমত ট্ৰেণ্ডত পৰিণত হয়। তাৰ পিছতেই গুৱাহাটীৰ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে কিছু লোকে গুৱাহাটীত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ দাবী উত্থাপন কৰিছে। তেওঁ ব্যক্তিগতভাৱে এই দাবীৰ বিৰোধী আছিল যদিও জনসাধাৰণৰ দাবীৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত লোৱা হৈছে ।

জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গেও এই দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। এই প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “আমি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ অন্য সদস্যৰ সৈতে এই বিষয়ে আলোচনা কৰিছিলো ৷ পবিত্ৰ মাৰ্ঘেৰিটাক গৰিমা গাৰ্গৰ সৈতে কথা পাতিবৰ বাবে দায়িত্ব দিয়া হৈছিল। চৰকাৰে অসমত মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ইচ্ছা কৰিলে পৰিয়ালৰ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত কোনো আপত্তি নথকা বুলি গৰিমা গাৰ্গে জনাইছে ।”

বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমযোগে দাবী জনাইছিল, "জুবিন দাৰ মৃত‍্যু ৰহস‍্যঘন হৈ পৰিছে । শৰীৰটো Decomposed হোৱাৰ আগতে মৰণোত্তৰ পৰীক্ষা কৰক।" কেৱল অখিল গগৈয়েই নহয়, বিশিষ্ট অভিনেতা ৰবি শৰ্মায়ো জনাইছিল জুবিন গাৰ্গৰ অসমত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাটো । ৰবি শৰ্মাই মন্তব্য কৰিছিল, “অসমতো এটি অভিজ্ঞ ফৰেনন্সিক ডাক্তৰৰ দলৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল, যাতে অসমৰ প্ৰাণৰ শিল্পীজনক লৈ আমি আশ্বস্ত হ'ব পাৰো । অন্যথা আমাৰ মনত চিৰদিনলৈ এটা সংশয় থাকি যাব । কথাটো সকলোৱে ভাবি চাওক, তাকেই অনুৰোধ কৰিছো ।” এই জনমতৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সন্মতি সাপেক্ষে দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা কৰাৰ কথা ঘোষণা কৰে।

উল্লেখ্য যে মঙলবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হ'ব জুবিন গাৰ্গৰ। মৰণোত্তৰ পৰীক্ষাৰ পিছতে প্ৰাণৰ শিল্পীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব সোণাপুৰত। দ্বিতীয়বাৰৰ বাবে পোষ্টমৰ্টেম কৰাৰ পিছত অৱধাৰিতভাৱে সালসলনি হ’ব জুবিনৰ সৎকাৰৰ সময়সূচী। পূৰ্বে পুৱা ৭-৩০ মিনিটত সৰুসজাইৰ পৰা সোণাপুৰৰ সমাধিথলী অভিমুখে জুবিন গাৰ্গৰ শেষযাত্ৰা হোৱাৰ কথা আছিল৷ কিন্তু এতিয়া পুৱা ৯-৩০ বজাতহে সৰুসজাইৰ পৰা সোণাপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰা হ’ব ৷