Assameseবিজেপিত যোগদান কৰা একালৰ দুধৰ্ষ আলফা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পন!আত্মসমৰ্পন কৰিলে একালৰ দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই। এটা পুৰণি গোচৰত আজি আদালতত আত্মসমৰ্পন আলফা নেতাগৰাকীৰ। কি হ'ব এতিয়া চলিত বৰ্ষত বিজেপিত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ৰাজনৈতিক ভৱিষ্যত?Mrinmoy Talukdar Nov 17, 2025 18:58 ISTFilephotoবিজেপিত যোগদান কৰা একালৰ দুধৰ্ষ আলফা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পন!আত্মসমৰ্পন কৰিলে একালৰ দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই। এটা পুৰণি গোচৰত আজি আদালতত আত্মসমৰ্পন আলফা নেতাগৰাকীৰ। কি হ'ব এতিয়া চলিত বৰ্ষত বিজেপিত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ৰাজনৈতিক ভৱিষ্যত?Advertismentএকালত সন্ত্ৰাসৰ অন্য এক নাম আছিল দৃষ্টি ৰাজখোৱা। ৮০-৯০ দশকত আলফাৰ ৰক্তক্ষয়ী অপাৰেচনৰ নয়ক দৃষ্টি, এই দৃষ্টিয়েই লিখি গৈছিল অসমৰ বহু ৰক্তাক্ত ইতিহাস। সেনা-আৰক্ষীৰ মূৰৰ কামোৰণি আছিল দৃষ্টি ৰাজখোৱা আছিল আলফা স্বাধীনৰ উপ মুখ্য সেনাধ্যক্ষ। অতি জতিল পৰিস্থিতিত পৰি ২০২০ চনত মূল সুতিলৈ ঘূৰি আহিছিল পৰেশ বৰুৱাৰ অতি বিশ্বস্ত সংগী দৃষ্টি ৰাজখোৱা। নিজৰ ৰাজনৈতিক সুৰক্ষাৰ স্বাৰ্থতেই হওঁক বা বিধায়ক হোৱাৰ স্বপ্নতেই দৃষ্টি ৰাজখোৱাই আৰম্ভ কৰিলে ৰাজনৈতিক জীৱন। ২০২৫ চনৰ জুলাই মাহত যোগদান কৰিলে বিজেপিত। কিন্তু ৰাজনৈতিক সুৰক্ষা কৱচ লৈ কিমান সুৰক্ষিত দৃষ্টি ৰাজখোৱা?১৯৯৩ চনৰ ৰাজ্য জোঁকাৰি যোৱা এটা ভায়াংকৰ অপহৰণ কাণ্ডত জৰিত আছিল দৃষ্টি ৰাজখোৱা। দৃষ্টি ৰাজখোৱা গ্ৰূপে কাৰ্বি আংলঙৰ খেৰণীৰ পৰা অপহৰণ কৰিছিল কানহায়ালাল গুপ্তা নামৰ এজন ৰে'লৱেৰ ঠিকাদাৰক। আজিও সন্ধান নাই ১৯৯৩ চনতেই অপহৰণ হোৱা ৰেলৱেৰ ঠিকাদাৰ কানহায়ালাল গুপ্তাৰ। অপহৰণ আৰু হত্যাৰ গোচৰৰ চাৰ্জ'শ্বিট দাখিল কৰিছিল ২০০১ চনতেই। তাৰ পাছতেই দৃষ্টি ৰাজখোৱাৰ বিৰুদ্ধে সত্ৰ আদালতত ৰুজো হয় ১/২০২০ নম্বৰৰ গোচৰ। সত্ৰ আদালতৰ গোচৰত আজি আত্মসমৰ্পন কৰে একালৰ দুধৰ্ষ আলফা নেটাজন। আদালতত আত্মসমৰ্পনৰ পাছতেই ১ লাখকৈ দুগৰাকী জামিনদ্বাৰৰ বিনিময়ত মুকলি আকাশৰ তললৈ আহিল আহিল দৃষ্টি ৰাজখোৱা। অৱশ্যে ২০২৬ বৰ্ষৰ আৰম্ভণিতেই অৰ্থাৎ ২ জানুৱাৰীত পুনৰ হাজিৰ হব লাগিব টাডা আদালতত।সন্ত্ৰাসবাদেৰে বহু ৰক্তাক্ত ইতিহাস ৰচনা কৰা দৃষ্টি ৰাজখোৱাই হয়তো ভাবিছিল, বিজেপিত যোগদানে মুছি পেলাব দৃষ্টিৰ সেই ৰক্তাক্ত ইতিহাস। দুধনৈ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হৈ দৃষ্টিয়ে সলনি কৰিব তেওঁৰ প্ৰতি থকা ৰাইজৰ দৃষ্টি। কিন্তু একালৰ সেই কলংকিত কৰ্মই ৩২ বছৰৰ পাছতো বিধায়ক হোৱাৰ স্বপ্নত যেন আউল লগাইছে দৃষ্টিৰ। অপহৰণ, হত্যা আদি হাজাৰতা অভিযোগ লৈ কিদৰে বিজেপিত দুখমুক্ত হৈ নিজকে প্ৰতিষ্ঠা কৰে সেয়াও এতিয়া দৃষ্টিৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।AdvertismentAdvertisment Read the Next Article