Advertisment

এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। কিন্তু জন্মদিনত একেলগে কেক কাটিবলৈ আজি গৰিমাৰ কাষত নাই মৰমৰ গল্ডী। কোনেওটো ভবা নাছিল চকুলো টুকি ওপজা দিনত সুঁৱৰিব লাগিব মনৰ মানুহজনক।

 এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট
এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট

এই জনমৰ পৰা জন্মান্তৰলৈকে...
মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট

Advertisment

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। কিন্তু জন্মদিনত একেলগে কেক কাটিবলৈ আজি গৰিমাৰ কাষত নাই মৰমৰ গল্ডী। কোনেওটো ভবা নাছিল চকুলো টুকি ওপজা দিনত সুঁৱৰিব লাগিব মনৰ মানুহজনক। 

ওপজা দিনত মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট। জুবিন গাৰ্গক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত লিখিছে, ''এই জনমৰ পৰা জন্মান্তৰলৈকে আমি আমাৰ কাহিনী লিখি যাম Goldie... Happy birthday ! কুশলে‌ থাকা"। 

'মায়াবিনী'ৰে জীপাল হৈ পৰিছে জুবিন ক্ষেত্ৰ। হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিনবিহীনভাৱে উদযাপন কৰিছে প্ৰাণৰ শিল্পীৰ ৫৩ সংখ্যক জন্মদিন। জুবিনক্ষেত্ৰত অনুৰাগীয়ে হার্টথ্রবৰ ফটোত কেক সানি পালন কৰিছে জুবিন গাৰ্গৰ ওপজা দিন। আনহাতে কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উন্মোচন কৰা হ'ল জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি। জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে উন্মোচন কৰিলে প্ৰতিমূৰ্ত্তিটো। এতিয়াৰে পৰা কাহিলীপাৰাৰ ঘৰখনৰ বকুলজোপাৰ তলতো জীপাল হৈ থাকিব প্ৰাণৰ জুবিন। তাৰ লগতে বেদনাগধুৰ হৃদয়েৰে চকুলো টুকি কেক কাটি মৰমৰ গল্ডীৰ জন্মদিন পালন গৰিমা শইকীয়া গাৰ্গৰ। পৰিয়াল, অনুৰাগীৰ সৈতে কাহিলীপাৰাৰ বাসগৃহত কেকে কাটিলে গৰিমা গাৰ্গে।

সোণাপুৰৰ চৌদিশে জুবিনময় পৰিৱেশ। সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসংখ্য অনুৰাগীৰ ভিৰ। লোকে-লোকাৰণ্য পৰিৱেশৰ মাজত উদযাপন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। 'মায়াবিনী'ৰে জীপাল হৈ পৰিছে জুবিন ক্ষেত্ৰ। হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিনবিহীনভাৱে উদযাপন কৰিছে প্ৰাণৰ শিল্পীৰ ৫৩ সংখ্যক জন্মদিন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰত কেক লৈ উপস্থিত অনুৰাগী। জুবিনক্ষেত্ৰত অনুৰাগীয়ে হার্টথ্রবৰ ফটোত কেক সানি পালন কৰিছে জুবিন গাৰ্গৰ ওপজা দিন।  

Advertisment
Advertisment