Advertisment

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। তাৰ পাছতো জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল হাৰ্টথ্ৰ'ৱৰ পত্নী।

 Filephoto
Filephoto

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে
তাৰ পাছতো...

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। তাৰ পাছতো জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? অসম আৰক্ষী, দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে। জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল হাৰ্টথ্ৰ'ৱৰ পত্নী।

Advertisment

Read More- 'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

শুকুৰবাৰে দাখিল কৰা হ'ল জুবিন কাণ্ডৰ চাৰ্জশ্বীট। কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল SITৰ। জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ হয় এই ধাৰা। 

Read More- কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

উল্লেখ্য যে ছিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পাছতেই এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ অৱশেষত শুকুৰবাৰে জুবিন গাৰ্গ হত্যাকাণ্ডৰ ১৮/২৫ নম্বৰ গোচৰৰ ২,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ।

Read More- পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা

জুবিন গাৰ্গৰ মৃত্যুত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৭ অভিযুক্তৰ বিৰুদ্ধে আৰোপ কৰা হৈছে কেইবাটাও ধাৰা।  ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। BNSৰ ১০৩ ধাৰা প্ৰয়োগ হয় হত্যাৰ গোচৰত। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা।  সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৬১/ ১০৩/৩১৬ ধাৰা প্ৰয়োগ কৰাৰ লগতে শ্যামকানু মহন্তৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ৬১/১০৩/৩০৮/৩১৮/২৩৮ ধাৰা। লগতে শেখৰজ্যোতিৰ বিৰুদ্ধে ৬১/১০৩/৩১৬ ধাৰা প্ৰয়োগ কৰাৰ লগতে অমৃতপ্ৰভাৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ৬১/১০৩/২৩৮ ধাৰা। 

Read More- পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়

জুবিন গাৰ্গ কাণ্ডৰ চাৰ্জশ্বীট দাখিলৰ পাছতেই নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰত উপস্থিত হাৰ্টথ্ৰ'ৱৰ পত্নী। নিশা জুবিনক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন কৰিছে- "নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? অসম আৰক্ষী, দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আছে। আমি আশা কৰাৰ দৰেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াত ভাল পাইছোঁ। জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব"।

Advertisment
Advertisment