"কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ হয় এই ধাৰা। লগতে আৰু কি কি আছে SITৰ চাৰ্জশ্বীটত?Advertisment Read More- আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ। ১৯ ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছিল SIT। SIT-এ আজি দাখিল কৰিলে জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। Read More- চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া চাৰ্জশ্বীটত আছে কেতবোৰ বিস্ফোৰক তথ্য। ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যুৰ পাছতেই অসমত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ। প্ৰাণৰ শিল্পীক শেষ বিদায় দিবলৈ ওলাই আহিছিল লাখ লাখ লোক। তাৰ মাজতেই প্ৰতিজন অসমীয়াই দাবী কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। Read More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান ছিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ ১৯ ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পাছতেই এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নর্থ-ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গার্গ, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহযোগী কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল৷ তদন্তকাৰী দলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গকে ধৰি প্ৰায় ৩০০গৰাকী লোকৰ গ্ৰহণ কৰা সাক্ষ্যও অন্তর্ভুক্ত কৰিছিল চার্জশ্বীটত। আৰু আজি ১৮/২৫ নম্বৰৰ ৩,৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল কৰিলে SIT-এ। Read More- ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ কিছু সময় পূৰ্বে SIT-এ দাখিল কৰিলে জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। BNSৰ ১০৩ ধাৰা প্ৰয়োগ হয় হত্যাৰ গোচৰত। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে ১০৩ ধাৰা। Read More- পাকিস্তান লিংক! গ্ৰেপ্তাৰ তেজপুৰৰ জ্যোতিকা কলিতা আনহাতে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে চাৰ্জশ্বীটত লগোৱা হৈছে ১০৫ ধাৰা। লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে প্ৰয়োগ কৰা হৈছে BNS ৩১৬ ধাৰা। Read More- শিলচৰত চলিল প্ৰশাসনৰ বুলড"জাৰ, ভাঙি পৰিল কেইবামহলীয়া অট্টালিকা উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CIDত ৰুজু হৈছিল দুটা গোচৰ। ইয়াৰে আজি ১৮/২৫ নম্বৰ গোচৰৰ চার্জশ্বীট দাখিল কৰা হয়। এই চাৰ্জশ্বীটত আছে বহু চাঞ্চল্যকৰ তথা বিস্ফোৰক তথ্য।"