Assameseশিলচৰত চলিল প্ৰশাসনৰ বুলড’জাৰ, ভাঙি পৰিল কেইবামহলীয়া অট্টালিকাকেইবামহলীয়া ভৱনত চলিছে প্ৰশাসনৰ বুলড’জাৰ। প্ৰশাসনৰ চকুৰ পৰা সাৰি যোৱা নাই পথৰ কাষৰ সৰু–বৰ দোকানো। পথ নিৰ্মাণৰ বাবে শিলচৰৰ তাৰাপুৰত অবৈধভাৱে নিৰ্মিত ঘৰ–দোকানত চলিল উচ্ছেদ।Mrinmoy Talukdar Dec 11, 2025 14:57 ISTFILEPHOTOশিলচৰত চলিল প্ৰশাসনৰ বুলড’জাৰভাঙি পৰিল কেইবামহলীয়া অট্টালিকাকেইবামহলীয়া ভৱনত চলিছে প্ৰশাসনৰ বুলড’জাৰ। প্ৰশাসনৰ চকুৰ পৰা সাৰি যোৱা নাই পথৰ কাষৰ সৰু–বৰ দোকানো। পথ নিৰ্মাণৰ বাবে শিলচৰৰ তাৰাপুৰত অবৈধভাৱে নিৰ্মিত ঘৰ–দোকানত চলিল উচ্ছেদ।Advertismentৰাজ্যত চৰকাৰী ভূমি দখল কৰা অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ চুকে-কোনে চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উজনিৰ পৰা নামনিলৈ অবৈধ বেদখলকাৰীৰ ঘৰত চলিছে প্ৰশাসনৰ বুলড’জাৰ।শিলচৰত আজি পুনৰ গৰজি উঠিল চলিল বুলড’জাৰ। বুলড’জাৰেৰে এফালৰ পৰা ভাঙি দিয়া হ’ল বেদখলকাৰীৰ ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান। দয়া নাই ক্ষমা নাই নীতিৰে আজি শিলচৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। শিলচৰ তাৰাপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। পথৰ দাঁতিত চৰকাৰী ভূমি বেদখল কৰি গঢ়ি উঠা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰত চলিল প্ৰশাসনৰ বুলডজাৰ। পথ নিৰ্মাণৰ বাবে তাৰাপুৰ E&D কলনিত গড়কাপ্তানি বিভাগে চলালে এই উচ্ছেদ অভিযান। পথৰ দাঁতিত অবৈধ বাবে থকা কেইবাখনো দোকান আৰু ভৱনৰ কিছু অংশ ভাঙি চুৰমাৰ কৰে প্ৰশাসনে।উল্লেখ্য যে শিলচৰ তাৰাপুৰৰ এই অবৈধ বেদখলকাৰী সকলক ৩ মাহ পূৰ্বেই উচ্ছেদৰ জাননী দিছিল প্ৰশাসনে। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই অবৈধ বেদখলকাৰীয়ে আতৰি গৈছিল চৰকাৰী ভূমিৰ পৰা। তাৰ পিছতেই আজি পুৱাৰ ভাগৰে পৰা চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। যিহেতু বেদখকাৰীয়ে আতৰি গৈছে, সেয়ে উচ্ছেদ অভিযানত সৃষ্টি নহ'ল কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ। আনহাতে তাৰাপুৰত পুনৰ উচ্ছেদ অভিযান চলিব বুলি মন্তব্য কৰিছে লোক নিৰ্মাণ বিভাগে।AdvertismentAdvertisment Read the Next Article