Advertisment

আত্মসমর্পণ নকৰো, আমি যুঁজিম। অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ।

আজি ১০ ডিচেম্বৰ, ছহিদ দিৱস। ছহিদ দিৱসৰ দিনাই অসমবাসীক সংকল্প লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বৰাগাঁৱত ছহিদ স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিলে অচিনাকি লোকৰ বিৰুদ্ধে পুৰণি যুদ্ধখন।

 Filephoto
Filephoto

আত্মসমর্পণ নকৰো, আমি যুঁজিম
অচিনাকিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হুংকাৰ


আজি ১০ ডিচেম্বৰ, ছহিদ  দিৱস। ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিন। এই দিনটো ৰাজ্যবাসীয়ে পালন কৰে ছহিদ  দিৱস হিচাপে। ৰাজ্য চৰকাৰৰ উদ্যোগতো আজি পালন কৰা হৈছে ছহিদ  দিৱস। গুৱাহাটীৰ বৰাগাঁৱত ১৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এটা আটক ধুনীয়া ছহিদ স্মাৰক। আজি ৰাইজৰ বাবে মুখ্যমন্ত্ৰীয়ে মুকলি কৰি দিয়ে ছহিদ স্মাৰকটো।

Advertisment

Read More- ভাৰতত মহিলাৰ সুৰক্ষাক লৈ প্ৰশ্ন বিদেশী ব্ল'গাৰৰ

মহানগৰীৰ বৰাগাঁৱত ছহিদ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ছহিদ দিৱসৰ দিনাই অসমবাসীক সংকল্প লবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বৰাগাঁৱত ছহিদ স্মাৰক উন্মোচন কৰি মুখ্যমন্ত্ৰীয়ে নতুনকৈ ঘোষণা কৰিলে অচিনাকি লোকৰ বিৰুদ্ধে পুৰণি যুদ্ধখন।

Read More- লুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোক

ছহিদ স্মাৰক ক্ষেত্ৰ মুকলি কৰি অচিনাকি লোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ৰণহুংকাৰ। এইবাৰৰ ছহিদ দিৱস আমাৰ বাবে সুকীয়া, গুৰুত্বপূৰ্ণ বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক’লে- ''জাতিটো দুৰ্বল কৰাৰ পৰিকল্পনা লোৱা হৈছিল। এতিয়া আমি নতুনকৈ সংকল্প লৈছোঁ আমি অচিনাকী মানুহৰ ওচৰত আত্মসমৰ্পণ নকৰোঁ''। 

Read More- নীলা জাৰ্ছিত ৰো-কো'ৰ দপদপনি

কংগ্ৰেছকো সমালোচনাৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে কৈ থকা যুঁজখন হৈছে বিজেপি, এজেপিৰ সৈতে কংগ্ৰেছে কৰা যুঁজ। আনহাতে আমাৰ যুঁজখন হৈছে জাতিটোক ৰক্ষা কৰাৰ যুঁজ। ৪০ বছৰ ধৰি অসমীয়া জাতিয়ে এই যুঁজখন যুঁজি আহিছে আৰু যুঁজি থাকিব।

Read More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মান

ছহিদ দিৱসৰ দিনটোতেই অসমীয়া ৰাইজলৈ মুখ্যমন্ত্ৰীৰ আহ্বান, ''অসমীয়া জাতিয়ে যাতে কোনো অচিনাকীক অসমীয়াৰ বৰঘৰত সোমাবলৈ নিদিয়ে। যিমানেই আৰ্থিক সমস্যা হলেও অচিনাকী লোকক ওচৰত অসমীয়াক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। অসমীয়াই লাহে লাহে মাটি হেৰুৱাইছে। গতিকে আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগত অচিনাকী লোকক চাকৰি নিদিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ''। 

Advertisment
Advertisment