Assameseলুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫জনকৈ লোকগুৱাহাটীত লুইতৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ লুইতত একেলগে সন্ধানহীন ৫ জনকৈ লোক। খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। তাৰ পাছতেই গা ধুবলৈ নামিছিল ব্ৰহ্মপুত্ৰত। ভয়ংকৰ ঘটনাক লৈ খাৰঘূলিত হাহাকাৰ। Mrinmoy Talukdar Dec 10, 2025 17:34 ISTFilephotoলুইতৰ বুকুত গা ধুবলৈ গৈ সন্ধানহীন ৫ জনকৈ লোকগুৱাহাটীত লুইতৰ বুকুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ লুইতত একেলগে সন্ধানহীন ৫ জনকৈ লোক। খাৰঘূলিৰ ভক্তি কুটীৰ নামৰ মন্দিৰটোলৈ আহিছিল লোকসকল। তাৰ পাছতেই গা ধুবলৈ নামিছিল ব্ৰহ্মপুত্ৰত। ভয়ংকৰ ঘটনাক লৈ খাৰঘূলিত হাহাকাৰ। AdvertismentRead More- প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আন এক সন্মানজানিব পৰা মতে, ব্ৰহ্মপুত্ৰত গা ধুই থকা অৱস্থাতে ৫ জনকৈ লোকে লুইতত ডুব যায়। ইয়াৰ লগে লগেই ঘটনাস্থলীত হাহাকাৰ লাগে। পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে NDRF, আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। জানিব পৰা মতে, ইতিমধ্যে ৪ জন লোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। পানীত নমা লোক সকলৰ ভিতৰত এজন আছিল- উপেশ কুমাৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সন্ধানহীন লোককেইজনক বিচাৰি NDRFএ অভিযান চলাই থকাৰ লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।Read More- মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা বাছে মহটিয়াই নিলে ৰফিকুল ইছলামকতথ্য অনুসৰি আমেৰিকা, দিল্লী, ৰাজস্থান, তেজপুৰৰ পৰা ৯ জন লোকে খাৰঘুলিৰ ভক্তি কুটিৰলৈ আহিছিল। ভক্তি কুটিৰলৈ অহা এই লোক কেইজনে দিনৰ ভাগতেই ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল। গা ধুই থাকোতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। উল্লেখ্য যে স্থানীয় লোক আৰু মাছমৰীয়াই ঘটনাটো প্ৰত্যক্ষ কৰিছিল। তাৰ পাছতেই সমগ্ৰ ঘটনা লতাশিল আৰক্ষী থানক অৱগত কৰে। লগে লগেই লতাশিল আৰক্ষী আৰু NDRFৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সন্ধানহীন ৫ জন লোকক বিচাৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। কিন্তু এই পৰ্যন্ত ৫ জন লোকৰ কোনো সন্ধান উলিয়াব পৰা নাই উদ্ধাৰকাৰী দলে। আনহাতে আৰক্ষীয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সন্ধানহীন লোক কেইজনৰ কাপোৰ উদ্ধাৰ কৰাৰ লগতে এজন লোকৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড উদ্ধাৰ কৰিছে। ইপিনে, প্ৰাৰম্ভিক অৱস্থাত লোককেইজন ভক্তি কুটিৰলৈ অহাৰ কথা অস্বীকাৰ কৰিছিল গৰাকীয়ে।Read More- পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰAdvertismentAdvertisment Read the Next Article