Advertisment

পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ

পুনৰ চৰকাৰী ঘৰ লাভ কৰিব লাখ লাখ লোকে। জিঅ’ টেগিং হৈ যোৱা লোকসকলে পৰৱৰ্তী পৰ্যায়ত পাব বিনামূলীয়া ঘৰ। ৰাজ্যত কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে পাব PMAYৰ ঘৰ- মুখ্যমন্ত্ৰী।

 Filephoto
Filephoto

পুনৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ

পুনৰ চৰকাৰী ঘৰ লাভ কৰিব লাখ লাখ লোকে। জিঅ’ টেগিং হৈ যোৱা লোকসকলে পৰৱৰ্তী পৰ্যায়ত পাব বিনামূলীয়া ঘৰ। ৰাজ্যত কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে পাব PMAYৰ ঘৰ- মুখ্যমন্ত্ৰী।

Advertisment

Read More- প’পষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত জুবিন বন্দনা

আজি ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিলে চৰকাৰী পকীঘৰ। ৰাজ্যৰ ৩,২৫,২৩৪ হিতাধিকাৰীক প্ৰদান কৰা হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন পত্ৰ বিতৰণ। বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছিল ধন মঞ্জুৰি পত্ৰ বিতৰণ অনুষ্ঠান। অনুষ্ঠানত উপস্থিত থাকি ধন মঞ্জুৰি পত্ৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছমৰীয়া, বকো-ছয়গাঁও আৰু পলাশবাৰী সমষ্টি ভিত্তিত আয়োজন হৈছিল এই অনুষ্ঠানৰ। 

Read More- কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

অনুষ্ঠানত উপস্থিত থাকি যোগ্য হিতাধিকাৰী সকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিতাধিকাৰীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে ক'লে- ‘কেঁচা ঘৰ থকা ৰাজ্যৰ সকলোৱে পাব PMAYৰ ঘৰ। আমাৰ চৰকাৰে দৰিদ্ৰ, মধ্যবিত্তৰ বাবে সদায় কাম কৰি আহিছে'। আনহাতে কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, 'কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে সৰু ঘৰ দিয়া হৈছিল। কিন্তু এতিয়া PMAYৰ ঘৰৰ বাবে ডেৰ লাখ টকাকৈ দিয়া হয়। প্ৰধানমন্ত্ৰীয়ে আমাক চাউল, ঘৰ, চিকিত্‍সাৰ সুবিধা দিলে। আমাৰ চৰকাৰৰ দিনত কোনো মহিলাই আনৰ কাষত হাত পাতিব নালাগে। চৰকাৰী আঁচনিত দুৰ্নীতি কৰিব নোৱাৰাকৈ আমি ব্যৱস্থা লৈছো। আজি অসমৰ ভৱিষ্যত নতুন প্ৰজন্মৰ হাতত আছে।

Read More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!

আনহাতে উক্ত অনুষ্ঠানতে বহুবিবাহক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বহুবিবাহ কৰাসকলৰ নিস্তাৰ নাই। পত্নী থকাৰ পাছতো ৰাজ্যত দ্বিতীয় বিবাহ কৰোৱা পুৰুষৰ হ’ব কঠোৰ শাস্তি। বহু বিবাহ কৰিলেই ৭ বছৰ পৰ্যন্ত কাৰাবাস হ’ব স্বামীৰ। কোনোবাই দ্বিতীয় বিবাহ কৰিলেই আৰক্ষীক জনাব পাৰিব ৰাইজে। ইয়াৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব ফোন নম্বৰো।

Advertisment
Advertisment