Advertisment

কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট, মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

‘কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি চলাই আছে অপপ্ৰচাৰ’। ‘কংগ্ৰেছৰ নেতা-কৰ্মীৰ সামাজিক মাধ্যমত অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছেগৈ’। এইসকলৰ ওপৰত চৰকাৰৰ নজৰ আছে, নিৰ্বাচনৰ পিছতে সকলোৰে বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’। মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী।

 Filephoto
Filephoto

কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত খুলিছে ফেচবুক একাউণ্ট
নিৰ্বাচনৰ পাছতেই ব্যৱস্থা ল'ম

Advertisment

‘কংগ্ৰেছৰ মিঞা সদস্যই হিন্দুৰ নামত ফেচবুক একাউণ্ট খুলি চলাই আছে অপপ্ৰচাৰ’। ‘কংগ্ৰেছৰ নেতা-কৰ্মীৰ সামাজিক মাধ্যমত অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছেগৈ’। এইসকলৰ ওপৰত চৰকাৰৰ নজৰ আছে, নিৰ্বাচনৰ পিছতে সকলোৰে বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা’। মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী।

Read More- বিজেপিৰ কাৰ্যালয় নাভাঙে, ভাঙে সংখ্যালঘু প্ৰতিষ্ঠান!

কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰ বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'কংগ্ৰেছৰ মিঞা সদস্য সকলে হিন্দুৰ নামত খুলি লৈছে ফেচবুক একাউণ্ট। এই মিঞা সদস্য সকলে ফেচবুক একাউণ্ট খুলি নৰেন্দ্ৰ মোদী, মোৰ আৰু মোৰ পৰিয়ালক লৈ অপপ্ৰচাৰ চলাই আছে। মোৰ হাতত অহা তথ্য অনুসৰি তেওলোকৰ হাতত ফেক একাউণ্ট আছে। এই ফেক একাউণ্ট সমূহেৰে তেওলোকে বেয়া বেয়া বস্তু প্ৰচাৰ কৰি আছে। এই সকলোবোৰৰ ওপৰত আমি নজৰ ৰাখিছো। 

Read More- অখিল গগৈ হিৰো, মই অখিল গগৈৰ 'Big Fan'- মুখ্যমন্ত্ৰী

ব্যক্তিত্ব থকা আৰু কিছু পৰিমানে হলেও বিবেকৱান মানূহে এইবোৰ কাম কৰিব নোৱাৰে। কংগ্ৰেছ দলৰ এই মিঞা সকলে এতিয়া ভূৱা নামেৰে হিন্দুৰ নামত একাউণ্ট বনাই লৈছে। এই লোকসকলে সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ চেষ্ট কৰি আছে। নিৰ্বাচনৰ পিছত আমাৰ চৰকাৰ আহিলেই এইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এনেদৰেই ভূৱা ফেচবুক একাউণ্টৰ গৰাকী সকলক সতৰ্কবাণী মুখ্যমন্ত্ৰীৰ।

Read More- কেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?

লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছ দলৰ নেতাসকলৰ তীব্ৰ মানসিক স্খলন হৈছে। ইতিমধ্যেই তেওলোকে নিৰ্বাচনত হাৰিব বুলি গম পাই গৈছে। সেয়ে সামাজিক মাধ্যমত তেওলোকৰ অভদ্ৰামি চূড়ান্ত পৰ্যায় পাইছে। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা বাবেই আমি ৰজা হৈ যোৱা নাই। মুখ্যমন্ত্ৰীৰ ঘৰত জন্ম লোৱা মানেই আমি ৰজা আনবোৰ প্ৰজা, এই চিন্তা এৰিব লাগে। দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈয়ে নিজকে ৰজা বুলি ভাৱে। সোণৰ চামুছ মুখত লৈ জন্মা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই নিজকে ৰজা বুলি ভৱা চিন্তাধাৰাৰ পৰা আতৰি আহিব লাগে।

Read More- ছাকিৰা আহিব গুৱাহাটীলৈ

Advertisment
Advertisment