Assameseকেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৰাজ্যৰ শিক্ষাৰ্থী সকলক চৰকাৰে প্ৰদান কৰিলে ডাঃ বাণীকান্ত কাকতি মেধা বঁটা। ডাঃ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটী। Mrinmoy Talukdar Dec 08, 2025 18:26 ISTFilephotoকেতিয়াৰ পৰা ছাত্ৰসকলে লাভ কৰিব বাবু আঁচনি ?উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৰাজ্যৰ শিক্ষাৰ্থী সকলক চৰকাৰে প্ৰদান কৰিলে ডাঃ বাণীকান্ত কাকতি মেধা বঁটা। ডাঃ বাণীকান্ত কাকতি মেধা বঁটাৰ জৰিয়তে ১১,২৫০ গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিলে স্কুটী। ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় এই স্কুটী। AdvertismentRead More- ভাৰত-ভূটান সীমান্তত ভয়াৱহ পৰিস্থিতিআজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৰাজ্যৰ শিক্ষাৰ্থী সকলক প্ৰদান কৰা হয় ডাঃ বাণীকান্ত কাকতি মেধা বঁটা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক স্কুটী প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। Read More- ছাকিৰা আহিব গুৱাহাটীলৈডাঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয়– এই বঁটা হৈছে ৰাজ্য চৰকাৰৰ এক ধ্বজাবাহী আঁচনি। ২০১৭ চনত ৰাজ্যত এই আঁচনি আৰম্ভ কৰা হৈছিল আৰু আজি পৰ্যন্ত ২ লাখৰো অধিক শিক্ষাৰ্থীয়ে সুফল লাভ কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে। চলিত বৰ্ষত নিযুত মইনা আঁচনি আৰম্ভ কৰাৰ বাবে স্কুটী প্ৰদানৰ ক্ষেত্ৰত কিছু কঠোৰ হৈছে চৰকাৰ। যিসকলে স্কুটী নলয়, তেওঁলোকে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। ইফালে পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত ছাত্ৰ সকলৰ বাবেও বাবু আঁচনি আৰম্ভ কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। দৰিদ্ৰ আৰু নিম্ন–মধ্যবিত্তৰ পৰিয়ালৰ ছাত্ৰই এই আঁচনিৰ সুবিধা লাভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।Read More- বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!আনহাতে এই অনুষ্ঠানতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত ছাত্ৰসকলৰ বাবেও বাবু আঁচনিৰ শুভাৰম্ভণি কৰিব ৰাজ্য চৰকাৰে। দৰিদ্ৰ আৰু নিম্ন–মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ সকলে বাবু আঁচনিৰ জৰিয়তে লাভ কৰিব সুবিধা।Read More- ই–ৰিক্সা চলাই গাঁৱে গাঁৱে বিক্ৰী কৰে কাপোৰAdvertismentAdvertisment Read the Next Article