Assameseবৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!ড্ৰাগছ, গাঞ্জাৰ ঘাটিত যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী! ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ পিছতো যেন একাংশ সৰবৰাহকাৰীয়ে নিতৌ চলাই গৈছে বৰবিহৰ ৰমৰমীয়া বেহা। Jyotiprasad Sarma Dec 07, 2025 21:01 ISTবৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী! Photograph: (DY365)বৰবিহৰ ঘাটিত পৰিণত গুৱাহাটী মহানগৰী!গাঞ্জা, ড্ৰাগছসহ জালত সৰবৰাহকাৰী ড্ৰাগছ, গাঞ্জাৰ ঘাটিত যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী! ড্ৰাগছ, গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ পিছতো যেন একাংশ সৰবৰাহকাৰীয়ে নিতৌ চলাই গৈছে বৰবিহৰ ৰমৰমীয়া বেহা। Advertismentআৰক্ষীৰ চকুত ধূলি দি বৰ্তমানেও একাংশ সৰবৰাকাৰীয়ে চলাই আছে ড্ৰাগছৰ অবৈধ বেহা। এইবাৰ গুৱাহাটী মহানগৰীত যাত্ৰীবাহী বাছত উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ গাঞ্জা। গড়চুক আৰক্ষীৰ অভিযানত ISBTত জব্দ ৪১টা গাঞ্জাভৰ্তি পেকেট। গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমিত ৰাম। শ্বিলঙৰ পৰা গাঞ্জাখিনি সৰবৰাহ কৰি চিলিগুৰিলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীটোৱে। উদ্ধাৰ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা। অধিক তথ্যৰ বাবে ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীৰ তদন্তঅব্যাহত। ইফালে, মহানগৰীৰ গড়চুকৰ পামহীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৫ লাখ টকাৰ ড্ৰাগছ। গড়চুক আৰক্ষী আৰু SOGৰ যৌথ অভিযানত জব্দ ড্ৰাগছখিনি। ২টাকৈ ড্ৰাগছভৰ্তি চাবোনৰ বাকচসহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। দুই সৰবৰাহকাৰীৰ পৰা এখন ASO1 GNO247 নম্বৰৰ হোণ্ডা এমেজ বাহনৰ লগতে ৬৩০০০ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে। মণিপুৰৰ গুৱাহাটীলৈ লৈ আহিছিল জব্দ কৰা ড্ৰাগছখিনি। ধৃত এটা সৰবৰাহকাৰীৰ নাম তপন শৰ্মা আৰু এগৰাকী মহিলা সৰবাৰকাৰী। মহানগৰীৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা এই দুই সৰবৰাকাৰীয়ে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ। উল্লেখ্য যে, স্মাৰ্ট আৰক্ষীৰে ভৰি থকা গুৱাহাটী মহানগৰীত কিদৰে ড্ৰাগছ মাফিয়াই নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা চলাই আহিছে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। AdvertismentAdvertisment Read the Next Article