Assameseনিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে?তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটক। স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত কৰায়ত্ত কৰা হয় আটাইকে। আটকাধীন বাংলাদেশীৰ পৰা জব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যও।Naba Gogoi Dec 03, 2025 16:29 ISTপেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটকজব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যওগুৱাহাটী, ০৩ ডিচেম্বৰঃ এইবাৰ উজনি অসমত সন্দেহজনক লোক। পেঙেৰীত আটক শিশুসহ ৩২ জনকৈ সন্দেহজনক নাগৰিক। স্থানীয় দল-সংগঠন আৰু ৰাইজৰ সহযোগত বুধবাৰে পুৱা আটক কৰি চমজাই দিয়ে পেঙেৰী আৰক্ষীক। বৰ্তমান পেঙেৰী আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে আটাইকে।Advertismentalso read: প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰবুধবাৰে পুৱাউ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মাজানত কেইবাটাও স্থানীয় দল-সংগঠনে শিশুসহ ৩২ জনকৈ সন্দেহজনক বাংলাদেশীক আটক কৰি পেঙেৰীৰ আৰক্ষীক চমজাই দিয়ে। অসম ৰাজ্যিক পৰিবহন নিগমৰ এখন বাছ আৰু মাৰুতি ভানেৰে অৰুণাচলস্থিত ইটা ভাটালৈ বুলি গৈ থকাৰ অৱস্থাতেই স্থানীয় দল-সংগঠনে আটক কৰে লোককেইজনক। প্ৰথমে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে সন্দেহ কৰে। উক্ত স্থানতে লোক কেইজনক সোধা-পোছা কৰাৰ অন্তত লোক কেইজনক পেঙেৰীৰ আৰক্ষীক গতাই দিয়ে। সন্দেহজনক অবৈধ বাংলাদেশী নাগৰিক কেইজনৰ জিম্মাৰ পৰা নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লগতে বিভিন্ন ধৰণৰ সন্দেহযুক্ত নিষিদ্ধ মাদ্ৰক দ্ৰব্যও জব্দ কৰা হয়। also read: জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰবৰ্তমান পেঙেৰীৰ আৰক্ষীয়ে সন্দেহজনক লোক কেইজনক অধিক তথ্য উদঘাটনৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে। স্থানীয় দল-সংগঠনে লোক কেইজনক শীঘ্ৰেই পেঙেৰীৰ পৰা ওভতাই পঠাবলৈ দাবী জনাইছে। কোনো কাৰণতে যাতে এই অঞ্চলসমূহত স্থাপিত হ'ব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী তথা অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে। also read: মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযানAdvertismentAdvertisment Read the Next Article