Advertisment

প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰ

ৰে’ল ষ্টেশ্যন নহয়, এইবাৰ ৰেড কাৰ্পেটত চাহ বিক্ৰী! চাইৱালাৰ ৰূপত ছ্যুট-বুট পৰিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তাচ্ছিল্য কৰি ছ’চিয়েল মিডিয়াত AI ভিডিঅ’ আপলোড কৰা কংগ্ৰেছ নেত্ৰীৰ। 

 Filephoto
Filephoto

এইবাৰ ৰেড কাৰ্পেটত চাহ বিক্ৰী!
প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰ

Advertisment

ৰে’ল ষ্টেশ্যন নহয়, এইবাৰ ৰেড কাৰ্পেটত চাহ বিক্ৰী! চাইৱালাৰ ৰূপত ছ্যুট-বুট পৰিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তাচ্ছিল্য কৰি ছ’চিয়েল মিডিয়াত AI ভিডিঅ’ আপলোড কৰা কংগ্ৰেছ নেত্ৰীৰ। 

Read More- ১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ মঞ্চত চাহ বিক্ৰীৰ AI ভিডিঅ’। চাইৱালাৰৰ ৰূপত ছ্যুট-বুট পৰিহিত মোদী। নীলা কোট, ক’লা পেণ্ট, জোতা পৰিধান কৰি মোদীৰ চাহ বিক্ৰী কৰা AI ভিডিঅ’ ছ’চিয়েল মিডিয়াত। কংগ্ৰেছ নেত্ৰী ৰাগিণী নায়কে আপলোড কৰে এই ভিডিঅ’। AI ভিডিঅ’ পোষ্ট কৰাৰ বাবে কংগ্ৰেছক সমালোচনা বিজেপিৰ।

Read More- মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

কংগ্ৰেছ নেত্ৰী তথা ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাগিনী নায়কে বুধবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা AI ভিডিঅ’ শ্বেয়াৰ কৰে। ছয় ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোডীক বিশ্ব মঞ্চত চাহ বিক্ৰেতা হিচাপে দেখুওৱা হৈছে। AI ভিডিঅ’টো ছ’চিয়েল মিডিয়াত আপলোড কৰি কংগ্ৰেছ নেত্ৰী ৰাগিনী নায়কে ভিডিঅ’টোৰ কেপচনত লিখিছে, “এতিয়া কোনে এই কাম কৰিলে?”

Read More- বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈ

সংসদৰ শীতকালীন অধিবেশনৰ মাজতে প্ৰধানমন্ত্ৰী মোডীৰ AI ভিডিঅ’ পোষ্ট কৰিছে কংগ্ৰেছে। ভিডিঅ’টো পোষ্ট কৰাৰ কিছু সময়ৰ পাছতে বিজেপিয়ে ইয়াক “লজ্জাজনক” বুলি অভিহিত কৰি কংগ্ৰেছে প্ৰধানমন্ত্ৰীক উপহাস কৰা প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Read More-জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ

উল্লেখ্য যে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আপলোড কৰা ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী মোডীয়ে AI কণ্ঠেৰে কৈছে "চাই বলো, চাই!" ৰাগিনী নায়কে ভিডিঅ’টোৰ কেপচনত “এতিয়া কোনে এই কাম কৰিলে? লিখি হাঁহিৰ ইমোজি এটা যোগ দিছে। ভিডিঅ’টো আপলোড কৰাৰ লগে লগে বিজেপিয়ে কংগ্ৰেছক প্ৰধানমন্ত্ৰীক অপমান কৰা বুলি মন্তব্য কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই টুইটযোগে কয় যে কংগ্ৰেছৰ এই স্থিতি প্ৰধানমন্ত্ৰী মোডীৰ কঠোৰ পৰিশ্ৰমী ব্যক্তিত্ব আৰু অ’বিচি সম্প্ৰদায়ক লৈ অপমান।

Advertisment
Advertisment