Assameseজাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰজাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷ Mrinmoy Talukdar Dec 03, 2025 12:10 ISTFilephotoজাগীৰোডত ম্যাদ উকলা ঔষধৰ ৰমৰমীয়া বেহাৰোগীৰ জীৱনক লৈও হেতালি একাংশ ফাৰ্মাচীৰAdvertismentজাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷ Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰচৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি একাংশ ফাৰ্মাচীয়ে চলাই গৈছে ঔষধৰ অবৈধ বেহা৷ জাগীৰোডৰ একাংশ ফাৰ্মাচীৰ নাই কোনো অনুজ্ঞাপত্ৰ, নাই কোনো বিভাগীয় নীতি-নিয়ম৷ এক গোপন সুত্ৰৰ ভিত্তিত ঔষধ পৰিদৰ্শকে চলোৱা অভিযানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য ৷ Read More- জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰমৰিগাঁও জিলাৰ ঔষধ পৰিদৰ্শক ডাঃ ঈশ্বৰ হাজৰিকাৰ নেতৃত্বত জাগীৰোডৰ ঘুনুচাত এখন ফাৰ্মাচীত চলিল এই অভিযান৷ স্বত্বাধিকাৰী হেকমত আলীয়ে চলাই গৈছিল কোনো চাইনবৰ্ড নথকা 'মা-ফাৰ্মাচী' নামৰ এখন ফাৰ্মাচী৷ অভিযানত ফাৰ্মাচী খনৰ পৰা জব্দ কৰা হয় নিচাজাতীয় ঔষধ, ম্যাদ উকলা ঔষধৰ লগতে মুঠ ৪৫ বিধ ভিন্ন ধৰণৰ ঔষধ৷ কাৰ্যবাহী দণ্ডাধীশ আৰু জাগীৰোড আৰক্ষীৰ উপস্থিতিত ঔষধ সমূহ জব্দ কৰাৰ লগতে NDPS আইনৰ অধীনত জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বত্বাধিকাৰী হেকমত আলীক৷ উল্লেখযোগ্য যে, জাগীৰোডত অসংখ্য ফাৰ্মাচীৰ বিৰুদ্ধে আছে এনে বহু গুৰুতৰ অভিযোগ৷ এতিয়া প্ৰশ্ন হয়, সেইসমূহ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শকে কেতিয়া গ্ৰহণ কৰিব ব্যৱস্থা কৰিব? Read More- আহিল SOP! কি কি নিৰ্দেশনা মানিব লাগিব বনভোজকাৰী দলে?ৰোগীৰ জীৱনক লৈ এনেদৰেই হেতালি খেলি গৈছে একাংশ ফাৰ্মাচীয়ে। চৰকাৰী নীতি-নিয়ম ভৰিৰে মোহাৰি একাংশ ফাৰ্মাচীয়ে এনেদৰেই চলাই গৈছে ঔষধৰ অবৈধ বেহা৷ কেৱল এইখনেই নহয়, জাগীৰোডৰ অসংখ্য ফাৰ্মাচীৰ বিৰুদ্ধে আছে এনে বহু গুৰুতৰ অভিযোগ৷ কোনো অনুজ্ঞাপত্ৰ নথকা, কোনো নীতি-নিয়ম নমনা এই ফাৰ্মাচী সমূহৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা লক্ষণীয় হ'ব।AdvertismentAdvertisment Read the Next Article