Advertisment

মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

উজনিৰ পিছত এইবাৰ নামনিত মিঞা খেদা অভিযান। বিল্ডিঙে বিল্ডিঙে মিঞা শ্ৰমিকৰ সন্ধানত ব্যাপক অভিযান। নলবাৰীত মিঞা শ্ৰমিকক শেষ সকীয়নি বজৰং দলৰ। নলবাৰী এৰিবলৈ মিঞা শ্ৰমিকক সময়সীমাও বান্ধি দিলে বজৰংগ দলে। 

 Filephoto
Filephoto

মিঞাই কাম কৰিব নোৱাৰিব, নলবাৰীত মিঞা বিৰোধী অভিযান

উজনিৰ পিছত এইবাৰ নামনিত মিঞা খেদা অভিযান। বিল্ডিঙে বিল্ডিঙে মিঞা শ্ৰমিকৰ সন্ধানত ব্যাপক অভিযান। নলবাৰীত মিঞা শ্ৰমিকক শেষ সকীয়নি বজৰং দলৰ। 

Advertisment

Read More- জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ

মিঞা শ্ৰমিক থাকিব নোৱাৰিব বিল্ডিং সজাৰ কামত।  বিল্ডিঙে বিল্ডিঙে মিঞা শ্ৰমিকৰ সন্ধানত ব্যাপক অভিযান। নলবাৰীত মিঞা শ্ৰমিকক শেষ সকীয়নি বজৰং দলৰ। ‘আজিৰ ভিতৰতে নলবাৰীৰ পৰা গুচি যাওক মিঞা শ্ৰমিক। মিঞা শ্ৰমিকক সকীয়নি দি বজৰং দলৰ নেতাই ক'লে- ‘নলবাৰীত যদি নেক্সট দেখা পাওঁ, কথা বেয়া হ’ব...। চৰ্দাৰ-মালিকৰ লগত কথা নাই, মিঞাই ইয়াত কাম কৰিব নোৱাৰিব’।  ঘৰ নিৰ্মাণ কৰা মালিক পক্ষকো অনুৰোধ বজৰং দলৰ- ‘টকা বেছিকৈ যাওক, কিন্তু মিঞা শ্ৰমিকক ঘৰ সজা কামত নলগাব ’।

Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

নলবাৰীত মিঞাৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপ বজৰংগ দলৰ। মিঞা শ্ৰমিকক সকীয়নি বজৰংগ দলৰ-  ‘ইয়াত মিঞাৰ দ্বাৰা কাম নচলিব, তৎক্ষনাত ইয়াৰ পৰা গুচি যা’। নলবাৰী এৰিবলৈ মিঞা শ্ৰমিকক সময়সীমাও বান্ধি দিলে বজৰংগ দলে। আনহাতে মিঞাৰ হৈ ওকালতি নকৰিবলৈ ঘৰৰ মালিককো অনুৰোধ বজৰংগ দলৰ নেতাৰ।

Read More- বহুবিবাহ, বাল্যবিবাহ এটা বেমাৰঃ আঙুৰলতা

মিঞা শ্ৰমিকক ধমক দি বজৰং দলৰ নেতাই ক'লে- ‘নলবাৰীত মিঞা শ্ৰমিকৰ দ্বাৰা কাম নচলিব। স্পষ্ট কথা নেক্সট দেখা পাওঁ, কথা বেয়া হ’ব...। আজিৰ কামখিনি শেষ কৰি ইয়াৰ পৰা গুচি যাওক। সন্মানসহকাৰে আপোনালোকক কৈছো, ইয়াৰ পৰা আপোনালোক আঁতৰি যাওক। ইয়াত মালিকৰ লগত কোনো কথা নাই, আমাৰ স্পষ্ট কথা ইয়াত মিঞা শ্ৰমিকৰ দ্বাৰা কাম নচলিব’। 

Read More- CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

আনহাতে ঘৰৰ মালিককো অনুৰোধ বজৰংগ দলৰ নেতাৰ। ‘মিঞাৰ হৈ ওকালতি নকৰিব। লাগিলে টকা বেছিকৈ যাওক কিন্তু ঘৰ সজা কামত আমাৰ মিস্ত্ৰী লগাওক। ইয়াত মিঞা শ্ৰমিকক ঠাই নিদিব’।

Advertisment
Advertisment