Advertisment

বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈ

বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা । তদন্ত নকৰাকৈ সোণালী খাতুনক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ অভিযোগ।

 Filephoto
Filephoto

বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈ

বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা । তদন্ত নকৰাকৈ সোণালী খাতুনক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ অভিযোগ।

Advertisment

Read More- CRPF জোৱানৰ উদ্ভণ্ডালিক লৈ সৰুপথাৰত নিশা উত্তপ্ত পৰিস্থিতি

বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতি আহিব ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দিলে সোণালী খাতুনক ওভতাই অনাৰ নিৰ্দেশ। উল্লেখ্য যে চলিত বৰ্ষতে বাংলাদেশলৈ বিতাড়ন কৰা হৈছিল সোণালী খাতুনক। বাংলাদেশলৈ বিতাড়ন কৰা সোণালী খাতুন হৈছে পশ্চিমবংগৰ বাসিন্দা। উপযুক্ত নথি-পত্ৰৰ অভাৱত বাংলাদেশলৈ বিতাড়ন কৰা সোণালী খাতুনক এতিয়া ওভতাই অনাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ।  

Read More- জিঅ’ টেগিং কৰিলেই আপুনি নাপাব চৰকাৰী পকীঘৰ

উল্লেখ্য যে উপযুক্ত নথি-পত্ৰৰ অভাৱত সোণালী খাতুনক প্ৰেৰণ কৰা হৈছিল বাংলাদেশলৈ। ৮ বছৰীয়া সন্তানক লৈ বাংলাদেশলৈ যাব লগা হৈছিল সোণালী খাতুন।  কিন্তু তাৰ পাছতেই সোণালী খাতুনৰ পিতৃ দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ।  আৰু অৱশেষত সোণালী খাতুনক সকাহ দিলে ন্যায়ালয়ে। ন্যায়ালয়ৰ পৰামৰ্শ, মানৱীয়তাৰ খাতিৰত ওভতাই আনিব লাগে সোণালী খাতুনক। 

Read More- ন্যায় নোপোৱালৈকে ভোটাৰ তালিকাত নাম থাকিব জুবিন গাৰ্গৰ

দিল্লী আৰক্ষীয়ে বাংলাদেশীৰ সন্দেহত সোণালী খাতুন, ছুইটি বিবি আৰু তেওঁৰ ছবছৰীয়া সন্তানকে ধৰি মুঠ ১৬ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অভিযোগ আনিছিল যে বাংলা কোৱা বাবেই সোণালী খাতুনহতক পুছবেক হৈছে। কিন্তু সেই সকলো অভিযোগ  আওকাণ কৰিছিল আৰক্ষীয়ে। উল্লেখ্য যে ২৬ জুনত গ্ৰেপ্তাৰ কৰা সোণালী খাতুনসহ আটাইকেইজনক  আগষ্ট মাহত বি এছ এফৰ জৰিয়তে বাংলাদেশলৈ বিতাড়ন কৰা হৈছিল। তাৰ পাছতেই ২১ আগষ্টত আটাইকেইজনকে অনুপ্ৰৱেশৰ অভিযোগত বাংলাদেশী আৰক্ষীয়ে সোণালীক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু  সোমবাৰে বাংলাদেশৰ আদালতে জামিন মঞ্জুৰ কৰে সোণালী খাতুনৰ। 

Advertisment
Advertisment