Advertisment

খাৰুপেটীয়া আৰক্ষীৰ জালত কুখ্যাত জেহাদী মনছুৰ আলী

দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ জালত কুখ্যাত জেহাদী। খাৰুপেটীয়াৰ পশ্চিম কুমাৰপাৰা গাঁৱৰ গ্ৰেপ্তাৰ মনছুৰ আলী নামৰ জেহাদীটো। তেহৰিক-ঈ-তালিবান পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগত আছিল মনছুৰ।

 Filephoto
Filephoto

খাৰুপেটীয়া আৰক্ষীৰ জালত কুখ্যাত জেহাদী মনছুৰ আলী

দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ জালত কুখ্যাত জেহাদী। খাৰুপেটীয়াৰ পশ্চিম কুমাৰপাৰা গাঁৱৰ গ্ৰেপ্তাৰ মনছুৰ আলী নামৰ জেহাদীটো। তেহৰিক-ঈ-তালিবান পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগত আছিল মনছুৰ।

Advertisment

ৰাজ্যত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা। কুটাঘাতৰ পৰিকল্পনা কৰি গ্ৰেপ্তাৰ হ'ল এটা জেহাদী। গ্ৰেপ্তাৰ হোৱা জেহাদীটোৰ নাম হৈছে মনছুৰ আলী। ধৃত মনছুৰ আলীক খাৰুপেটীয়াৰ পশ্চিম কুমাৰপাৰা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেহৰিক-ঈ-তালিবান পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগত থকা মনছুৰে ৰাজ্যত কৰিছিল ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা।

আৰক্ষীৰ জালত পৰা কুখ্যাত জেহাদী মনছুৰ আলী দীৰ্ঘদিন ধৰি তামিলনাডুত কৰ্মৰত আছিল। কিন্তু কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা অসমলৈ উভতি আহিছিল মনছুৰ। তামিলনাডুৰ পৰা অসমলৈ উভতি আহিয়েই বৃদ্ধি কৰিছিল জেহাদীৰ নেটৱৰ্ক। কিন্তু আৰক্ষীৰ হাতত পৰিছিল সকলো তথ্য। তাৰ পাছতেই কালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনছুৰ আলীক।

আৰক্ষীৰ জালত পৰা মনছুৰ আলীৰ বাংলাদেশৰ মৌলবাদী সংগঠনৰেও সুসম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি সামাজিক মাধ্যম যোগে বাংলাদেশৰ মৌলবাদীৰে যোগাযোগ আছিল মনছুৰ আলীৰ। কেৱল বাংলাদেশৰ মৌলবাদী সংগঠনৰেই যে মনছুৰৰ যোগাযোগ আছিল তেনেকুৱা নহয়, মনছুৰৰ বিৰুদ্ধে উথাপন হোৱা অভিযোগ অনুসৰি আৰাকান ৰোহিংগীয়া ছেলভেশ্যন আৰ্মীৰেও সুসম্পৰ্ক থকাৰ লগতে তেহৰিক-ঈ-তালিবানৰেও প্ৰত্যক্ষ যোগাযোগত আছিল মনছুৰ। 

জানিবলৈ পৰা মতে খাৰুপেটীয়াৰ লগতে ৰাজ্যৰ বহু কেইটা ঠাইত কুটাঘাতৰ পৰিকল্পনা কৰিছিল মনছুৰ আলীয়ে।  মনছুৰ আলীক BNS আৰু R/W ধাৰাত গ্ৰেপ্তাৰ কৰিছে খাৰুপেটীয়া আৰক্ষীয়ে। মনছুৰ আলীৰ সৈতে আৰু কোন কোন এই পৰিকল্পনাত জড়িত আছিল সেয়া এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। ইতিমধ্যে গ্ৰেপ্তাৰৰ পাছতে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ধৃত মনছুৰক।

Advertisment
Advertisment