Assameseচুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তিশিলচৰ চহৰত মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি। খুঁটাত বান্ধি, চুলি কাটি, চূণ সানি নিৰ্মম অত্যাচাৰ। শিলচৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।Mrinmoy Talukdar Dec 04, 2025 17:22 ISTFilephotoচুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তিশিলচৰ চহৰত মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি। খুঁটাত বান্ধি, চুলি কাটি, চূণ সানি নিৰ্মম অত্যাচাৰ। শিলচৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।AdvertismentRead More- মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰশিলচৰ চহৰত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ দৰে ভয়ংকৰ ঘটনা। চুৰিৰ অভিযোগত এজন মানষিক বিকাৰগ্ৰস্ত লোকক ৰাজপথত খুটাত বান্ধি তালিবানী শাস্তি দিলে একাংশ উদণ্ড লোকে। মৰেল পুলিচিঙৰ এই ভয়ংকৰ ঘটনাৰ দৃশ্য নিজ মোবাইল ফোনত বন্দী কৰে এজন পথচাৰীয়ে।Read More- স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰীচহৰখনৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চুৰিৰ অভিযোগত এজন মানষিক বিকাৰগ্ৰস্ত লোকক ৰাজপথত খুটাত বান্ধি একাংশ উদণ্ড লোকে চূণেৰে পিঠিত লিখি দিলে ‘আমি চোৰ’। এই ঘটনাক লৈ শিলচৰ চহৰত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। Read More- প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰজানিব পৰা মতে, চহৰ খনতেই ঘুৰি ফূৰা এজন মানষিক বিকাৰগ্ৰস্ত লোকক চুৰিৰ অভিযোগত আটক কৰে স্থানীয় একাংশ লোকে। আটক কৰি মানষিক বিকাৰগ্ৰস্ত লোকজনক ৰাজপথৰ কাষতে থকা বিদ্যুতৰ খুটাত বান্ধি নিৰ্মম অত্যাচাৰ চলাই উপস্থিত একাংশ উদণ্ড লোকে। আনকি লোকজনৰ চুলি কাটি শৰীৰত চূণেৰে লিখি দিয়ে “আমি চুৰ”। ভয়ংকৰ এই মৰেল পুলিচিঙৰ দৃশ্য এজন পথচাৰীয়ে নিজ মোবাইলত বন্দী কৰে। সম্প্ৰতি মৰেল পুলিচিং এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত শিলচৰত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। Read More- নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে?কিন্তু এতিয়া মূল প্ৰশ্ন হৈছে ব্যস্ত চহৰৰ ৰাজপথত কেনেদৰে এজন ব্যক্তিৰ সৈতে মৰেল পুলিচিঙৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিব পাৰে? ইতিমধ্যে একাংশ পথচাৰীয়ে ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল মৰেল পুলিচিঙৰ এই ভয়ংকৰ দৃশ্য। সম্প্ৰতি এই ঘটনাক লৈ চহৰখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। আইন হাতত তুলি লোৱা এই উদণ্ড লোক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চহৰ খনৰ সচেতন ৰাইজে।Read More- জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰAdvertismentAdvertisment Read the Next Article