Advertisment

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী

যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।

 স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী Photograph: (DY365)
স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী Photograph: (DY365)

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী

'যত্ন কৰিলে ৰত্ন পায়'। এই বাক্যশাৰী আখৰে আখৰে পালন কৰি স্বাৱলম্বিতাৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে এগৰাকী মহিলাই। নিজৰ কৰ্মৰে স্বাৱলম্বিতাৰ দিশত মহিলা সকলৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে মীনা ছেত্ৰী।

Advertisment

Also Read: দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা। 

উল্লেখ্য যে, বৰ্তমান গো পালনৰ জড়িয়তে স্বাৱলম্বী মীনা ছেত্ৰী। ২০১৭ চনত মীনা ছেত্ৰীয়ে দুজনী গাই গৰুৰে আৰম্ভ কৰিছিল গো পালন। নিজ ঘৰতে দুজনী গাই গৰু পুহি উৎপাদন হোৱা গাখীৰ বিক্ৰী কৰি ক্ৰমান্বয়ে স্বাৱলম্বীৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হয় মীনা ছেত্ৰী। 

Also Read: বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ

বৰ্তমান সময়ত প্ৰায় ২০জনীতকৈ অধিক গাই গৰুৰে পৰিপূৰ্ণ মীনা ছেত্ৰীৰ গোহালি। প্ৰতিদিনে উৎপাদন হয় প্ৰায় ৮০ লিটাৰ গাখীৰ। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা স্বীকৃতিও লাভ কৰিছে মীনা ছেত্ৰীয়ে। কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ বিপৰীতে পশুপালন, মীন পালন, কৃষি কাৰ্যৰ জড়িয়তে যে স্বাৱলম্বী হ'ব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মীনা ছেত্ৰীয়ে।

Also Read: প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰ

যিটো সময়ত একাংশ যুৱক-যুৱতীয়ে চৰকাৰী কৰ্মসংস্থাপন বিচাৰি হাহাকাৰ কৰি আছে, জীৱনৰ অমূল্য সময় অপচয় কৰি আছে তেওঁলোকৰ বাবে মীনা ছেত্ৰী এক উৎকৃষ্ট উদাহৰণ হৈ পৰিছে বৰ্তমান সময়ত। নিজ পৰিশ্ৰম আৰু একাগ্রতাৰে নিজকে গঢ় দিয়াৰ লক্ষ্য আগত ৰাখি সততাৰে নিজ কৰ্ম কৰি গৈ থাকিলে সফলতা যে হাতৰ মুঠিলৈ আহে তাৰেই যেন জ্বলন্ত উদাহৰণৰহাৰ নকুচিৰ মীনা ছেত্ৰী।   

Advertisment
Advertisment