Assamese১,৩০০ যুৱকে হাতত হেংদাং লৈ দিলে জয় আই অসম ধ্বনিহাতত হেংদাং লৈ ওলাই আহিল হাজাৰোধিক যুৱক। জামুগুৰিহাটত ১,৩০০ যুৱকে হেংদাং লৈ দিলে জয় আই অসম ধ্বনি। লাচিত দিৱসৰ দিনাই অসম বুক অৱ ৰেকৰ্ডছৰ বাবে হাজাৰোধিক যুৱকে প্ৰতিকী নাও লৈ নামিব ৰাজপথত৷Naba Gogoi Nov 22, 2025 17:19 ISTহাতত হেংদাং লৈ ওলাই আহিল হাজাৰোধিক যুৱকগুৱাহাটী, ২২ নৱেম্বৰঃ ২৪ নবেম্বৰত লাচিত দিৱস। লাচিত দিৱসৰ দিনাই হাজাৰোধিক যুৱকে হাতত হেংদাং লৈ কৰিব প্ৰতিকী নাও যাত্ৰা। অসম বুক অৱ ৰেকৰ্ডছৰ বাবে জামুগুৰিহাটৰ পকামূৰাত উলিয়াব শোভাযাত্ৰা। ২৪ নবেম্বৰত জামুগুৰিহাটত অসম বুক অৱ ৰেকৰ্ডচৰ লক্ষ্যৰে লাচিত দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। এই উদ্দেশ্যৰে ১,৩০০ যুৱকে হাতত হেংদাং লৈ লাচিতৰ বেশত শোভাযাত্ৰা কৰিব৷ তাৰেই অংশস্বৰূপে জামুগুৰিহাটৰ পকামূৰা পথাৰত প্ৰস্তুতিৰ শেষ আখৰাত ব্যস্ত এইসকল সুঠাম যুৱক৷ AdvertismentALSO RAED: অনিশ্চয়তাত নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!শনিবাৰে পূৱা নদুৱাৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰোধিক যুৱকে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত পকামূৰা পথাৰত উপস্থিত হৈ শেষবাৰৰ বাবে এইদৰেই আখৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গ'ল৷ ইফালে ১,০০০ যুৱকে লাচিতৰ বেশত শোভাযাত্ৰা কৰিব পৰাকৈ এখন বিশাল নাও নিৰ্মাণ কৰাৰ বিষয়েও জনিবলৈ দিয়ে৷ চতিয়াৰ উদ্যমী যুৱক তথা বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰ নিৰজ নিশিম হাজৰিকাৰ একক প্ৰচেষ্টাত এই লাচিত দিৱস উদযাপন প্ৰস্তুতি। ALSO RAED: ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্টAdvertismentAdvertisment Read the Next Article