Assameseঅনিশ্চয়তাত নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।Mrinmoy Talukdar Nov 21, 2025 19:49 ISTFILEPHOTOঅনিশ্চয়তাত নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।Advertismentপ্ৰতিবাদ, প্ৰতিক্ৰিয়াৰ পিছতো সাজু NHPC। বিজুলী উত্পাদনৰ বাবে সাজু কৰা হৈছে প্ৰকল্প। নামনি সোঁৱণশিৰিত চলিছে এতিয়া যুদ্ধকালীন প্ৰস্তুতি। কিন্তু সঁচাকৈ উত্পাদন হ’বনে প্ৰকল্পটোত? নে বিলম্ব হ’ব বিদ্যুৎ উত্পাদন? কিন্তু মূল কথাটো হৈছে এই প্ৰশ্ন উত্থাপন হৈছে কিয় ? এই প্ৰশ্ন উত্থাপন হোৱাৰ আৰত আছে নিঃসন্দেহে কাৰণ। শেহতীয়াকৈ বিদ্যুত উত্পাদনৰ পৰীক্ষা কৰা হয় নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্পত। সেই সময়তেই সংঘটিত হয় ডাঙৰ অঘটন। কাৰণ পৰীক্ষণত ব্যৱহাৰ দুটাকৈ টাৰবাইন। দুটা ইউনিট ব্যৱহাৰ কৰি বিদ্যুৎ উত্পাদনৰ চেষ্টা নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্পত। লক্ষ্য আছিল ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদন। কিন্তু ভবা মতে উত্পাদন নহ’ল বিজুলী। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং। পাৱাৰ হাউছৰ টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং ভাঙি থকাৰ বাবে পৰীক্ষণতো আহিল স্থবিৰতা। বিফল পৰীক্ষণে উদ্বিগ্ন কৰি তুলিছে NHPC কৰ্তৃপক্ষক। এই ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে একাংশই।এই ঘটনাৰ পাছতে NHPC এতিয়া ব্যস্ত জোৰা-টাপলি মৰাত। বিকল অংশ ঠিক কৰাৰ চেষ্টা NHPCৰ। বিকল অংশ ঠিক কৰিবলৈ পোলেণ্ডৰ পৰা অনা হ’ল বিশেষজ্ঞ। বিশেষজ্ঞ আহি কোনোৰকমে মেৰামতি কৰিছে বিকল অংশ। কিন্তু এতিয়াও সম্পূৰ্ণৰূপে কনফিডেণ্ট হোৱা নাই NHPC কৰ্তৃপক্ষ। পোলেণ্ডৰ বিশেষজ্ঞই জোৰা-টাপলি মাৰি গ’লেও নতুনকৈ পৰীক্ষা কৰিব পৰা নাই। ফলত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। যাৰ ফলত বিজুলী উৎপাদনতো আহি পৰিছে অনিশ্চয়তা।AdvertismentAdvertisment Read the Next Article