Assameseডিগ্ৰী নথকা সকলেও পাব লাখ টকাৰ দৰমহা পোৱা চাকৰি! ক'ত কেনেকৈ কৰিব আবেদন?ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।Naba Gogoi Nov 07, 2025 15:32 ISTচাকৰি নাই, চিন্তা বাঢ়ি গৈ আছে! ভাল দৰমহা থকা চাকৰি পাবলৈ নাই ডিগ্ৰীও। এতিয়াৰে পৰা চিন্তা নাই, ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।AdvertismentALSO READ: অবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি মুখ্যমন্ত্ৰীৰবিশ্বত দ্ৰুতগতিত উন্নতিৰ জখলাত বগাইছে সংযুক্ত আৰব আমিৰশ্বাহী। পৰ্যটন ক্ষেত্ৰকে ধৰি দেশখনৰ অট্টালিকা, আধুনিক সুবিধা, কৰমুক্ত দৰমহা, আৰু নিৰাপদ জীৱনশৈলীয়ে সকলোকে আকৰ্ষণ কৰি আহিছে। বিশ্বৰ ভিন্ন দেশৰ লগতে ভাৰতৰো বহু লোকে ডুবাই কৰ্ম সংস্থাপন লাভ কৰি এটা সুন্দৰ জীৱনশৈলী গঢ়ি তুলিছে। ভিন্ন ক্ষেত্ৰত উচ্চ শিক্ষা লাভ কৰা লোকৰ বাবে পদ মুকলি হোৱাৰ সমান্তৰালকৈ দেশখনৰ বিভিন্ন বিভাগত বিনা ডিগ্ৰীৰে কৰ্মৰ সন্ধান কৰা লোকৰ বাবেও নিয়োগৰ সুবিধা মুকলি কৰা হৈছে। ALSO READ: হাজাৰ হাজাৰ আদিবাসী লোকে কঁপাই তুলিলে ওদালগুৰিযি যুৱকে কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে বিনা ডিগ্ৰীৰেও ডুবাইৰ দৰে চহৰত কৰ্ম সংস্থাপন লাভ কৰিব পাৰিব। যাৰ বাবে প্ৰয়োজন হ'ব ইচ্ছাশক্তি আৰু কিঞ্চিৎ অভিজ্ঞতা। কেৱল কঠোৰ পৰিশ্ৰম কৰা বুলিয়ে নহয়, বুদ্ধিমত্তা হ'লে ডুবাইত ক্ষুদ্ৰ ব্যৱসায় কৰিও সংস্থাপিত হ'ব পাৰিব। UAEৰ ডুবাই লগতে আন আন চহৰত পৰিবহন খণ্ডতো অহৰহ সংস্থাপন ওলাইছে। বৈধ ড্ৰাইভিং লাইচেন্স আৰু ইংৰাজী ভাষাত জ্ঞান থাকিলে যিকোনো ব্যক্তিয়ে সহজেই টেক্সি বা ব্যক্তিগত চালক হিচাপে কাম বিচাৰি পাব পাৰে। ডুবাই টেক্সি কৰ্প’ৰেশ্যন আৰু ব্যক্তিগত পৰিবহণ সংস্থাৰ দৰে বহু কোম্পানীয়ে নিজৰ কৰ্মচাৰীসকলক ভাল দৰমহা আৰু ভিছাৰ সুবিধা প্ৰদান কৰি আহিছে। ALSO READ: বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণসমান্তৰালকৈ নানান ব্যৱসায়ীক প্ৰতিষ্ঠানত কেচিয়াৰ বা ষ্টাফ হিচাপে নিয়োজিত হ'ব পাৰে। লগতে হোটেল বা ৰেষ্টোৰাঁত আতিথ্য খণ্ডতো মকৰল হৈ ভাল উপাৰ্জন কৰিব পাৰিব। ইয়াৰ লগতে কাৰিকৰী দক্ষতা থকাসকলে বৈদ্যুতিক, প্লাম্বিং, বা অন্যান্য ক্ষেত্ৰত ITI ডিপ্লমা থকাসকলে ভিন্ন বিভাগত চাকৰি লাভ কৰিব পাৰিব। ALSO READ: ব্ৰাজিলৰ ম’ডেলৰ ফটোৰে ২২খনকৈ ভোটাৰ কাৰ্ড। হাৰিয়ানাত ভুৱা ভোটাৰে বিজেপিয়ে জয়লাভ কৰাৰ অভিযোগ ৰাহুল গান্ধীৰডুবাইত লাখ টকাৰ দৰমহা পোৱা চাকৰি পাবলৈ আপোনাক প্ৰথমতে প্ৰয়োজন হ'ব কিছু অতি প্ৰয়োজনীয় নথি-পত্ৰ। UAEত চাকৰি পাবলৈ হ’লে কিছুমান মৌলিক নথি-পত্ৰক আপুনি এৰাই চলিব নোৱাৰে। ইয়াৰ ভিতৰত বৈধ পাছপ’ৰ্ট, ইংৰাজী ভাষাত প্ৰস্তুত কৰা আপোনাৰ বায়'ডাটা লগতে পাছপ’ৰ্টৰ আকাৰৰ ফটো। যিকোনো শিক্ষা বা অভিজ্ঞতাৰ প্ৰমাণ পত্ৰও আপুনি বায়'ডাটাত সংলগ্ন কৰিব পাৰিব। এইসমূহ নথি যদি আপুনি সাজু কৰি ৰাখে তেন্তে বিদেশ যাবলৈ বা ডুবাইত গৈ কাম কৰিবলৈ সহজতে ভিজা লাভ কৰাৰ সম্ভাৱনা থাকে।AdvertismentAdvertisment Read the Next Article